পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২
শিক্ষা-বিচাৰ

লোকৰ পৰা বুজা যায় যে সেই সেই সময়ৰ কাৰণে সমাজে কোনবিলাক বিষয় বেছি লাগতিয়াল বুলি ভাবে।

 

  ১০। কোন বয়সত কেনে পাঠ্য উপযোগী তাক ভাল ৰূপে জানিবলৈ হলে, কোন বয়সৰ কেনে শিশু-প্ৰকৃতিৰ সাধাৰৰ বিবৰণ লক্ষণ সেই বিষয়ে অলপ জানা উচিত। কাৰণ কোনো এক বয়সত ছাত্ৰৰ গ্ৰহণৰ ক্ষমতা নিৰ্ভৰ কৰে তৰ সেই সময়ৰ মানসিক বৃত্তিবোৰৰ ওপৰত।

  পণ্ডিত সকলে ছাত্ৰ-জীৱনক তলত লিখা দৰে ভাগ কৰে:—

(ক) জন্মৰ পৰা তিনি বছৰমানলৈ— কেছুৱা।
(খ) তাৰ পাছৰ চাৰি বছৰমান— শৈশৱ।
(গ) শাত আঠৰপৰ এঘাৰ-বাৰ বছৰলৈ—বাল্য।
(ক) তাৰ পাছৰ তিনি-ছাৰি বছৰ— কৈশোৰ।
(ঙ) তাৰপৰা ছাত্ৰ জীৱনৰ শেষলৈ— প্ৰথম যৌৱন।

  এই বেলেগ বেলেগ ভাগৰ আচলতে কোন নিৰ্ধাৰিত সীমা নাই। শিশুএ এৱস্থাৰ পৰা অজ্ঞাতসাৰেই তাৰ পৰবৰ্তী অৱস্থাত উপনীত হয়। কিন্তু প্ৰত্যেক অৱস্থাৰে বিশেষ বিশেষ লক্ষণবোৰ প্ৰকাশ পালে তাৰ পূৰ্ববৰ্তী অৱস্থাৰ লগত তাৰতম্য বিলাক ধৰিব পাৰি।

  (ক) কেছুৱা— এই কালত শিশুএ ক্ৰমে ক্ৰমে নিজৰ