পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১
শিক্ষা-দানৰ অৰ্থ।

শিকালে ছাত্ৰৰ মনত তৃপ্তি-প্ৰদ হব পাৰে, সিও এটা ভাবিব লগীয়া কথা।

  বিষয়-নিৰ্বাচনৰ এই দুটা ফাল। শিকিব লগীয়া অনেক বিষয় থাকে, যাৰ পৰা ছাত্ৰৰ ভবিষ্যত জীৱনত উপকাৰ হয়, বা উপকাৰ হব বুলি অভিভাৱকে ভাৱে। স্বভাৱতে তেনে বিষয়বোৰ শিকবলৈ অভিভাৱকৰ বেছি আগ্ৰহ। কিন্তু ছাত্ৰৰ মানসিক শক্তিৰ জোখায় নহলে, যিমানেই কাৰ্য্যকৰি নহক, তেনে বিষয় শিকাব নোৱাৰি। দেখাত এই দুই পক্ষ পৰস্পৰ বিৰোধী। কিন্তু এটা সুবিধা আছে— এই বিষয় যিয়েই নহক, তাৰ ভিতৰত এনে কিছু অংশ ওলায়, যাক শিশুৰ ভিন-ভিন বয়সৰ উপযোগী কৈ লবা পাৰা যায়। সমাজৰ মানত যিবোৰ বিষয় মানুহৰ লাগতিয়াল তাৰ পৰা ছাত্ৰই শিকিব-পাৰা-খনি বাজি উলিৱাটোই পাঠ্য-নিৰ্বাচনৰ সমস্যা।

  এই কথাৰে মীমাংসা কৰিব লাগে শিক্ষকে, অৱশ্য সমাজৰ মতামতলৈ যথেষ্ট শ্ৰদ্ধা দেখুৱায়। এই গুৰু কাৰ্য্যৰ ভাৰ, যিহক, আজি কালি তেনেই শিক্ষকৰ হাতত নাথাকে। প্ৰত্যেক ৰাজ্যতে ৰাজ্যৰ সকলো লাগতিয়াল ব্যৱসায়ৰ জানা বুজা প্ৰতিনিধিসকল গোট খাই পাঠ্য-নিৰ্বাচন কৰাৰ ভাৰ লোৱা দেখা যায়। তাত অৱস্য শিক্ষকৰ প্ৰতিনিধিও থাকে; আৰু তেওঁবিলাকৰ মতৰেই প্ৰাধান্য বৰ্তে। আন আন ব্যৱসায়ৰ