পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/৫৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৫০
শিক্ষা-বিচাৰ

এই বিষয় কিবা এটা সিদ্ধান্ত কৰিব খুজিলে দেখাত পৰস্পৰ বিৰোধী দুই পক্ষৰ পৰা এই ছাত্ৰ আৰু পাঠ্য' কথা বিচাৰ কৰি চাব লাগিব। প্ৰথম পক্ষ ছাত্ৰৰ অভিভাৱক। এওঁবিলাকৰ শিক্ষা সম্বন্ধে মনৰ ভাৱ দুটা কথাত ব্যক্ত কৰিব পাৰি। (১) তেওঁৰ লৰাই লাগতিয়াল বিদ্যা যিমান বেছি পৰিমাণে শিকিব পাৰে শিকক; আৰু (২) সি এই বিদ্যা যিমান সোনকালে পাৰে তিমান সোনকালে শিকি আহক। মুঠ কথা, ‘কম খৰচত বেছি আৰ্জন’— জীৱনৰ আন আন কাজৰ দৰে শিক্ষা-বিষয়তো সাধাৰণ মানুহে এই মতে কাৰ্য্য সিদ্ধ হলে ভাল পায়।

  কিন্তু এনেকুৱা অল্প যত্নত সিদ্ধি জীৱনৰ কোনো কাৰ্য্য- ক্ষেত্ৰতে হোৱা দেখা নাষায়, আৰু শিক্ষাবিষয়তো নহয়। আমি ছাত্ৰক কম সময়তে অনেক শিকাবলৈ বিচাৰোঁ হয়, কিন্তু চাত্ৰৰ প্ৰকৃতিএ ইয়াত বাধা দিয়ে। ই দ্বিতীয় পক্ষ। আমি যিমান পৰিমাণৰ বিদ্যা যিমান সোনকালে শিকাবলৈ বিচাৰোঁ, তিমান বিদ্যা তিমান সময়ত গ্ৰহণ কৰাৰ ক্ষমতা ছাত্ৰৰ আছে নে নাই তাক আগেয়ে বুজি লোৱাৰ দৰকাৰ; কাৰণ ছাত্ৰৰ শক্তি- অনুযায়ী হে সি শিকিব পাৰিব। ইয়াৰ বাজেও, কোনো কোনো বিষয়— যাক আমি লাগতিয়াল বুলি ভাবোঁ— কোনো কোনো ছাত্ৰৰ পক্ষে ৰুচিকৰ নহব পাৰে; সেই ছাত্ৰই তেনে বিষয়ো শিক্ষা কৰা টান। সেইবোৰ বিষয় নো কি প্ৰকাৰে