পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/৫৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৪৯
শিক্ষা-দানৰ অৰ্থ

  এই সামান্য কথা-কেইটাকে আমি ভালৰূপে বিবেচনা কৰি নাচাওঁ দেখি আমাৰ প্ৰত্যেকে বৰ্তমান শিক্ষা-প্ৰণালীৰ দোষ গুচাবলৈ দহোটা দহোটা ব্যৱস্থা দিওঁ। কোনোএ কওঁ— প্ৰাইমাৰী স্কুলৰ পৰা ব্যাকৰণ গুচাই দিয়াত শিক্ষাৰ নামেই নুমাল। আন কিছুমানে দোষ ধৰোঁ, ড্ৰইং-সংগীত-এইবোৰ শিকাই আমাৰ ছলিক নট-নটী কৰিলে। আন কিছুমানে খুট উলিয়াও,কোব মাৰিবলৈ দি হাতৰ কাম কৰিবলৈ লগাই, আমাৰ হেন মস্ত মস্ত লোকৰ ছলি-পলিৰ আত্ম-সন্মান নষ্ট কৰা হল। এই এক ফাল।

  আন ফালত আপত্তি উঠে— প্ৰাইমাৰী স্কুলত পঢ়ি আহে, পাট্টাখান চাই দিব নাজানে; মৌজাদাৰৰ বহি-বস্তাৰ বুজ নাপায়; মণ্ডলেও নাজানা জমাবন্দী আৰু দাগচিঠাৰ ফাৰমৰ হেডিংবোৰ মুখস্থ নাহে; চবডিপুটিও লটকালতে নোৱাৰা খাজানা কছিব নাজানে! আন একদলে শোক কৰে— প্ৰাইমাৰী পঢ়ি উঠিল, সন্ধি সমাস-কাৰকৰ জ্ঞান নহল, ভগ্নাংশ অঙ্ক নাজানিলে, কীৰ্ত্তন-পুথিৰ অৰ্থ ব্যাখ্যা কৰিব নোৱাৰিলে। এই শিক্ষাৰ নো কি লাভ।

  যেন লৰা স্কুলত সোমোৱা মাত্ৰে মহামহোপাধ্যায় পণ্ডিত হৈ উঠিব লাগে!

 

  ৯। পাঠ-বি-নিৰ্বাচন জানতে ইমান উজু কাম নহয়।