পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ঘোৰাকো পানী খুৱাব পাৰি, আৰু চেৰা-ঢেকি-থোৰায়ে ৰাজ কুমাৰৰ দৰে আচৰণ কৰিব পাৰে। নহলে যিহকে তিহকে ছাত্ৰৰ আগত হাজিৰ কৰি, হাতত বেত এডাল লৈ, আমি কলোঁ হয় নে “গৰুহঁত, পঢ় পঢ়; নহলে বেতৰ কোবত ছাল ছিগিব। ”

 মই অৱশ্য জানো যে বৰ্তমান সময়ত শিক্ষাপ্ৰণালীৰ অনেক উন্নতি হৈছে আৰু এই ধৰণৰ ঢেকি-থোৰাই দি হেচি জ্ঞান- গিলোৱা-প্ৰণালী অৱলম্বন কৰা শিক্ষকৰ সংখ্যা দিনক দিনে কমি আহিছে। কিন্তু অভিভাৱক শ্ৰেণীৰ ভিতৰত হলে এই জৱৰদন্তী প্ৰথাৰ পক্ষপাত লোক হে বেছি দেখা যায়। তেওঁবিলাকে নিজৰ নিজৰ শিশুকালৰ শিক্ষালৈ মনত কৰে; আৰু সেই ধৰণৰ প্ৰণালী স্বত্বেও যে তেওঁলোকৰ জ্ঞান-গৰিমা ইমান গম্ভীৰ হল তাক ভাৱে; আৰু আন কোনো ফালে চকু নিদি নৈৰাশ্যৰ নিঃশ্বাস কৰি কয়, “গৰুহঁত, পঢ়-পঢ়”; আৰু— পঢ়ি পঢ়ি মৰ!

  “গৰুহঁত, পঢ় পঢ়” বুলি হুকুম কৰিলেই পঢ়িব পাৰা হলে, শিক্ষাদান কাৰ্য্য ইমান উজু হলহেতেন যে কোনো মহামহিম সম্ৰাটে গধুলি এখন ঘোষণা-পত্ৰ লিখি দি পাছৰ দিনা পুৱা তেওঁৰ সাম্ৰাজ্যৰ সকলো লোককে শিক্ষিত দেখি নিজক অভিনন্দন কৰিব পাৰিলেহেতেন। ছাত্ৰ-গৰু নালাগে, আচল গৰু এটাকো তাৰ শক্তিৰ অতিৰিক্ত কাম কৰোৱা অসাধ্য।