শাসিত কৰি ৰাখা হৈছিল, সি সম্ভবতঃ শ্ৰেণীৰ চুকত সোমাই কিতাপৰ ওপৰত মূৰ গুজি থাকিব বা উচ্ছৃংখলতাৰ চৰম সীমা পাবগৈ। যি অভিভাৱকে সংগীত চিত্ৰবিদ্যা সাহিত্য-আদি কলাবিদ্যাৰ অনুশীলন কৰে, তেওঁৰ ঘৰৰ ছলিৰ সেই সেই বিষয়ৰ প্ৰতি ৰাপ বহাৰ সম্ভাৱনা বেছি।
আৰু এক প্ৰকাৰে গ্ৰহণৰ ক্ষমতা অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰে। নেওতাখান নাজিনিলে পূৰণ অঙ্ক কৰিব নোৱাৰি; গতিকে পূৰণ-শিক্ষা-গ্ৰহণৰ ক্ষমতা পূৰ্বৰ নেওতা- জানা-অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰিছে। এই ৰকমে প্ৰত্যেক নতুন শিক্ষাকে পুৰণি অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰি হে গ্ৰহণ কৰা সম্ভৱ। সেই দেখি আমি একান্ত ইচ্ছা কৰিলেও ‘ৰাম-ক বোলাৰ পাছতে ৰত্নাৱলী পঢ়াব নেৰাৰোঁ। ’
৮। সাতভাই চম্পা’ৰ সাধু কথাত কোৱা আছে— পানীৰ তলত থাকা সাত ৰাজকুমাৰে অভিভাৱকৰ ভুল সংস্কাৰ কাঠৰ ঘোঁৰা একোটা আনি সতীয়া মাক- হাতে গা ধুবলৈ আহাত ঘাটক আহি কয়, “কাঠৰ ঘোঁৰা, পানী খা, পানী খা। ” তাতে সতীয়া মাকহাঁতে কয়, “কাঠৰ ঘোঁৰাই নো কৰবাত পানী খায় নে?”
সতীয়া মাকৰ সহজ জ্ঞানৰপৰা হোৱা এই কথা-আখৰ আমি আজিও ভালকৈ বুজা নাই। আমি ভাবোঁ, কাঠৰ