পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
শিক্ষা-দানৰ অৰ্থ

শিশুৰ অকল জ্ঞান হৈয়েই নাথাকিল, আমৰ প্ৰতি সি কেনে ব্যৱহাৰ কৰিব লাগে তাকে শিকিলে আৰু তাৰ সোৱাদত যে এটা সুখ আছে তাকো বুজি পালে।

  ইয়াতে এই কথা মন কৰিব লাগে যে এই প্ৰকাৰে অভিজ্ঞ হোৱাত শিক্ষকৰ কামত কৈ ছাত্ৰৰ কাম বেছি। পূৰ্বৰ লেম- বিষয়ক উদাহৰণটোকে আকৌ লওঁহঁক। শিক্ষকে লেমটো আনি ছাত্ৰৰ আগত থব পাৰে; ছাত্ৰই যদি কৌতুহল-প্ৰবৃত্তিৰ বশবৰ্তী হই লেমটো লাৰি নাচায়, তেনেহলে ছাত্ৰৰ হাতখন জোৰ কৰি লেমৰ গাত লগায়ো দিব পাৰে। কিন্তু লেমত হাত লাগিলতো যদি ছাত্ৰৰ দুখৰ অনুভূতি নহয়, তেতিয়া শিক্ষকে কি কৰিব পাৰে? আমি সাধাৰণত কওঁ যে লেমত হাত লাগিল দুখৰ অনুভূতি নহই নোৱাৰে। ঠিক কথা; কিন্তু দুখ অনুভূতি জন্মোৱাত শিক্ষকৰ কিবা হাত আছে নে?

  এই অনুভূতি জন্মিবলৈ লাগিল— প্ৰথম, লেমৰ পুৰিব পাৰা শক্তি, দ্বিতীয়, ছাত্ৰৰ হাত আৰু লেমৰ সংস্পৰ্শ; আৰু তৃতীয় ছাত্ৰৰ এনে এটা নিজা অন্তঃশক্তি যি শক্তি থাকাৰ হেতুকে সি দুখ পাইছে বুলি বুজিব পাৰে। লেমৰ জুইৰ পুৰিব পৰা ধৰ্ম স্বাভাৱিক, তাত শিক্ষকৰ একো হাত নাই; ছাত্ৰৰো অনুভৱ কৰিব পাৰা ধৰ্ম স্বাভাৱিক, তাতে শিক্ষকৰ একো হাত নাই। মুঠ জুইৰ স্বাভাৱিক ধৰ্মৰ লগত ছাত্ৰৰ স্বাভাৱিক ধৰ্মৰ যি অৱস্থাত ভালৰূপে পৰিচয় হব পাৰে সেই অৱস্থাটে