পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
শিক্ষা-বিচাৰ

ছাত্ৰক তাৰ পাৰিপাৰ্শ্বিক অৱস্থাৰ লগত পৰিচয় কৰাই দিব লাগে; আন কথাত, তাৰ জ্ঞানৰ পৰিমাণ বেছি কৰিব লাগে, বা পাৰ্য্যমাণে তাক সকলো বিষয়তে অভিজ্ঞ কৰিব লাগে।

  প্ৰথম অধ্যায়ত আমি কৈ আহিছোঁ যে পৰিপাৰ্শ্বিক অৱস্থাৰ ঘাত-প্ৰতিঘাতৰ গুণত শিশুৰ বিকাশ ভিন্ন ভিন্ন হয়; আৰু সমাজে পাৰিপাৰ্শ্বিক অৱস্থা বদল কৰি দি শিশুৰ বিকাশ নিজৰ মনোমত কৰিবলৈ চেষ্টা কৰে; এয়ে শিক্ষা। পাৰিপাৰ্শ্বিক অৱস্থা বদল কৰাৰ অৰ্থে সমাজে শিক্ষকৰ ওপৰত ভাৰ দিছে। যিবিলাক অবস্থাৰ লগত ঘনিষ্ঠ পৰিচয় হোৱা আৱশ্যক বুলি ভাবো, শিক্ষকে সেই অৱস্থাবোৰ ছাত্ৰৰ ওচৰ চপাই দিয়ে; আৰু যিবিলাক অৱস্থাৰ পৰা আঁতৰি থাকা শিশুৰ পক্ষে ভাল বুলি বিবেচনা কৰোঁ, শিক্ষক সেইবোৰৰ প্ৰভাব প্ৰতিৰোধ কৰে।

 

শিক্ষা-দান নে শিক্ষা গ্ৰহণ   ৩। এনেকুৱা ক্ৰিয়াৰ ফলত শিশুৰ অভিজ্ঞতা বাঢ়ে; লগে লগে তাৰ কৰ্মৰ শক্তি আৰু ভোগৰ ক্ষমতাও বাঢ়ে।

  নতুন আম ওলাইছে; শিশুক আম কাটি খাবলৈ দিলোঁ; সি আম কি জানিলে। তাৰ পাছত আম দেখিলে কটাৰি আনি তাক পাৰাই নোৱাৰাই কাটিব চাব, দাঁতেৰে কামুৰি খাবলৈ যত্ন কৰিব। আমৰ বিষয়