পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/১২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৩
শিক্ষা-সাধন

কথাৰ আলোচনা ইয়াত কৰিব নোৱাৰি। কিন্তু এইটো ঠিক যে গভৰ্নমেণ্টৰ ইমান আয় আৰু ব্যয়ৰ হিচাপ এইদৰে থাকিলে, এই আয়ৰ টকাৰপৰা শিক্ষা বাধ্যতা-মূলক কৰাৰ খৰচ নোলায়। গতিকে কোনো প্ৰকাৰৰ কৰ বহুৱাই হে টকাৰ যোগাৰ কৰিব লাগিব।

 এই কথাত প্ৰজাৰ বিশেষ আপত্তি। কিন্তু আপত্তি হলেও উপায় নাই। নিজৰ হিতৰ কাৰণে সকলো দেশত প্ৰজাই কিছু অধিকা কৰ দিব লাগে। এই কথা আমি বুজা উচিত আৰু আনকো বুজোৱা উচিত। শিক্ষা-কৰ এটা বহুৱালে শিক্ষা বাধ্যতামূলক কৰা সহজ হৈ পৰে।

 কোৱা বাহুল্য যে বাধ্য শিক্ষা অৰ্থ মাছুল-নেহোৱা শিক্ষা। এই বিষয়ত আমাৰ প্ৰদেশৰ এটা ডাঙৰ সুবিধা আছে এই যে, মজলীয়া অসমীয়া স্কুললৈ কোনো ছাত্ৰই মাছুল দিব নালাগে।

 অলপতে শিক্ষা বাধ্যতা-মূলক কৰাৰ সম্বন্ধে বিল এখনৰো পাণ্ডুলিপি ওলাইছে।


 ১২। ছাত্ৰৰ কিমান বয়সলৈ শিক্ষা বাধ্যতামূলক কৰিব পাৰি আৰু কৰা উচিত—এই দুই প্ৰশ্নৰ বাধ্যতামূলক শিক্ষা
বিষয়ক আন কথা
কোনো সদুত্তৰ নোলায়। দেশৰ ঐশ্বৰ্য্য অনুসৰি কোনো কোনো দেশত দহ বছৰলৈ আৰু কোনো কোনো দেশত ওঠৰ বছৰ পৰ্য্যন্ত— এই