পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/১২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২০
শিক্ষা-বিচাৰ

সভ্যতাৰ আৰু অতুলনীয় ঐশ্বৰ্য্যৰ পক্ষে এইটো লাজৰ কথা, যে বাধ্য-বাধকতাৰ মাজলৈ আনি হে আমি ছলিক শিকাবলগীয়া হৈছে। কিন্তু অনেক চিন্তা কৰি দেখা গল, যে বাধ্য নকৰিলে কেতিয়াও সকলো লৰা-ছোৱালীক স্কুললৈ আনিব নোৱাৰি।

 ১৯১১ খৃষ্টাব্দত ভাৰতীয় ব্যৱস্থাপক সভাত প্ৰাইমাৰী শিক্ষা-বিল উপস্থাপিত কৰাৰ সময়ত গোখেলে কৈছিল, বোলে— ‘সমগ্ৰ পৃথিবীৰ শিক্ষাৰ বুৰঞ্জীএ যদি কিবা কথা স্পষ্টকৈ প্ৰমাণ কৰিছে, তেনেহলে সি এই, যে কোনো ষ্টেটে বাধ্য নকৰাকৈ তাৰ প্ৰজাৰ মাজত সম্পূৰ্ণৰূপে শিক্ষা-বিস্তাৰ কৰিব নোৱাৰে। ’

 বাধ্যতা-মূলক শিক্ষা-প্ৰচলনৰ বিৰুদ্ধে যে কাৰো মত নাই এনে নহয়। এই বিষয়ত যিবিলাক আপত্তি হব পাৰে তাক বহলাই আলোচনা কৰি খণ্ডন কৰাৰ আৱশ্যক নাই; কাৰণ, এই আপত্তিবিলাক অমূলক বুলি সকলোএ জানে। যি-সকলে এই বিষয়ে সবিশেষ বুজিবলৈ বাঞ্ছা কৰে যি-সকলে গোখেলৰ প্ৰাইমাৰী-শিক্ষা সম্বন্ধীয় বক্তৃতা কেইটা আৰু তাৰ সম্পৰ্কত ভাৰতীয় ব্যৱস্থাপক সভাত হোৱা বাদানুবাদ খিনি পঢ়ি চাব পাৰে।

 মই তলত ভাৰতবৰ্ষত শিক্ষা বাধ্যতা-মূলক কৰা সম্বন্ধে তিনিটা মাত্ৰ প্ৰধান আপত্তিৰ কথা সংক্ষেপে কব খুজিছোঁ। এই কেইটাৰ বাহিৰে যিবিলাক কথা কোৱা হয়; সেইবোৰ সম্পূৰ্ণ যুক্তিহীন।