জ্ঞান প্ৰচাৰৰ এই ভাৰ পৰিছে স্কুলৰ ওপৰত। এই কাৰণে নাৰ্চাৰি-স্কুলৰ পৰা (কেচুৱাৰ পঢ়াশালি) ডাঙৰ ডাঙৰ কলেজ আৰু বিশ্ববিদ্যালয়ৰ সৃষ্টি। যাৰ যিমান সুযোগ আৰু যাৰ যিমান সাধ্য, তেওঁ সেই পৰিমাণে জ্ঞানৰ পৱিত্ৰ কিৰণ পাই জীৱন ধন্য কৰক। জ্ঞান-বিতৰণৰ এই মহাব্ৰত শিক্ষকৰ আৰু স্কুলৰ।
৭। কিন্তু সেই বুলি সন্তানৰ পিতৃ মাতৃসকলৰ কৰ্তব্যৰ ভাৰ কমিল বুলি ভাবিব নালাগে। শিক্ষা আৰু ঘৰৰ প্ৰভাৱ আমাৰ ছলিক শিক্ষকে যথাৰীতি শিক্ষা দি সকলো কাৰ্য্যত পাৰ্গত আৰু আমাৰ সুখ-আহৰণৰ অৰ্থে ধন-উপাৰ্জনৰ যন্ত্ৰ কৰি তৈয়াৰ কৰি দিব —এই দৰে ভাবিলে মহা ভুল কৰা হয়। স্কুল আৰু ঘৰ শিক্ষা-যন্ত্ৰৰ দুটা কইল। স্কুলত যি গঠন দিয়া যায় ঘৰত সেই গঠন মিহি হব লাগে, তাত বাৰ্নিছ পৰিব লাগে, তেহে গঠনটো নিখুঁট হয়।
এই কথাটো অলপ বহলকৈ কোৱাৰ আৱশ্যক হৈছে। আমি বেছি ভাগে লৰাক স্কুলত নাম লগাই দিলেই তাৰ শিক্ষাৰ যথেষ্ট বন্দৱস্ত কৰি দিয়া হল বুলি ভাবোঁ। কিছুমানে লৰা স্কুললৈ গৈছে নে নাই, তাৰ সময়ত আহিছে নে নাই, স্কুলৰ পঢ়া-শুনা ভালৰূপে চলাইছে নে নাই, আৰু ঘৰত থাকা পৰ-