পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/১২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৫
শিক্ষা-সাধন

 স্কুলৰ উৎপত্তি কেতিয়া হল, এই প্ৰশ্নৰ উত্তৰ বুৰঞ্জীত নাই। কিন্তু যেতিয়াই মানৱ-জাতিৰ আদি অৱস্থাত কোনো যুদ্ধৰ কৌশল, বা খাদ্য-আহৰণৰ সহজতৰ উপায়, বা ব্যাধিৰ আক্ৰমণৰপৰা সাৰিবৰ কাৰণে প্ৰেত-পূজাৰ পদ্ধতি প্ৰভৃতি, তেতিয়াৰ সমাজৰ অতীব লাগতিয়াল বিষয় এজনে আন এজনক শিকাব লগীয়া আৱশ্যক হল, বুলিব পাৰি, তেতিয়াই শিক্ষাৰো আৰম্ভ হল, স্কুলৰো উৎপত্তি হল। কাৰণ, শিক্ষৰ ঘাই অঙ্গ যি তিনটা— শিক্ষক, ছাত্ৰ আৰু অধ্যাপনীয় বিষয়— সেই তিনিওটা এই সময়তে যোৰা খালে।

 মানৱ-জাতিৰ বুৰঞ্জীৰ সেই আদি আধ্যাৰ পৰা আজি পৰ্য্যন্ত স্কুল নামক এই অনুষ্ঠানটোই নানান ঠাইত নানা ভাবে পৰিণতি লাভ কৰিছে। কোনো প্ৰত্বতত্ত্ব-পিপাসু লোকে এই প্ৰশ্ন লৈ আলোচনা কৰিলে এই ক্ৰম-পৰিণতিৰ সম্বন্ধে অনেক কথা উলিয়াব পাৰে। সি হি হক, স্কুলৰ গতিৰ প্ৰতি লক্ষ্য কৰিলে এই কথা দেখা যায়, যে আগৰ দিনত জ্ঞান গোপ্য আছিল, ক্ৰমাৎ ই প্ৰকাশ্য হৈ আহিল। এতিয়া জ্ঞান-সূৰ্য্য চক্ৰবাল-ৰেখা পাৰ হৈ মাজ-আকাশ পাওঁ-পাওঁ হৈছে। আজি-কালি জ্ঞানৰ প্ৰকাশ প্ৰসাৰ আৰু প্ৰচাৰ সকলোৰে কৰ্তব্য ভিতৰত পৰিছে। আজিকালিৰ মানবহিতাৰ্থী পণ্ডিত সকলে কয়, সে সময় মানব জাতিৰ পক্ষে জ্ঞানৰ আৰাধনাৰ দৰে আৱধ্যকীয় কাৰ্য্য একো নাই।