পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৪
শিক্ষা-বিচাৰ

 বৰ্তমান যুগত এই কথা প্ৰমাণ কৰিবলৈ কোনো বাদানুবাদৰ আৱশ্যক নাই। সমস্ত সত্য দেশতে বাধ্যতা-মূলক প্ৰাথমিক শিক্ষা, তাৰ পাছতো কাম-কাজ-কৰি খাব-লগীয়া ডেকাবিলাকৰ কাৰণে শিক্ষাৰ নানাবিধ অনুষ্ঠান, বিশ্ববিদ্যালয়ৰ শিক্ষাৰ ব্যয় কমাই আনা, অনেক ঠাইত বিশ্ববিদ্যালয় পৰ্য্যন্ত সকলো শিক্ষা অবৈতনিক কৰা— এনেকুৱা শত প্ৰচেষ্টাৰপৰা বুজিব পাৰি যে ষ্টেট আৰু সমাজে ব্যক্তি-শিক্ষাৰ এই সিদ্ধান্ত সম্পূৰ্ণৰূপে গ্ৰহণ কৰিছে।

 কি দৰে ষ্টেট আৰু সমাজে তেওঁবিলাকৰ এই গুৰু কৰ্তব্য সাধনৰ কাৰণে যত্ন কৰা উচিত এই বিষয়ে যথেষ্ট মতভেদ বৰ্তে আৰু আছেও। প্ৰধানতঃ, স্কুল পাতি প্ৰত্যেক জাতিৰ উপযুক্ত শিক্ষাৰ ব্যৱস্থা কৰা ষ্টেটৰ কৰ্তব্য; আৰু শিক্ষা আৰু শিক্ষকক গৌৰৱ কৰা সমাজৰ কৰ্তব্য।

 

 ৬। সমাজ আৰু ষ্টেটে যে তেওঁলোকৰ এই প্ৰধান কৰ্তব্যটোত হাতত লৈছে তাৰ প্ৰমাণ— আমি শিক্ষক সকল— যাক বুলিলে বুলিব পাৰি স্কুলগৃহস্থৰ কুপোষ্য— আৰু আমাৰ প্ৰায় বাস-স্থান, মুৰুব্বিসকলৰ গালি খোৱাৰ ঠাই, ছাত্ৰক তাৰ প্ৰতিশোধত গালি পাৰাৰ আবাস, আৰু খিচমিচ-আখৰৰ এক্‌চাৰচাইজ্‌ চাই চকু আৰু মূৰৰ শ্ৰাদ্ধ কৰাৰ তীৰ্থ, এই স্কুল বা পঢ়াশালি।