ধৰ্ম-বিবাদৰ মূলতো এই ভুল। ধৰ্মই ঈশ্বৰত বিশ্বাস, পৰকালৰ অস্তিত্ব, আৰু পাপ-পুণ্যৰ ফল— এই তিনিটা কথাৰ সহায়ত, কাকো ভয় দেখুৱাই কাৰো মনত আশাৰ আশ্বাস- বাণী শুনাই, ব্যক্তিগত কৰ্মৰ অত্যাচাৰ নিয়মীয়াকৈ ৰাখে। এই কথা এৰি যেতিয়াই ধৰ্ম মত-বাদিতাত পৰিণত হৈছে, তেতিয়াই ব্যক্তিৰ ওপৰত তাৰ অত্যাচাৰ সকলোতকৈ হেয় আৰু অধম আকাৰ লৈছে। নহলে, মানুহৰ মনত শান্তি আৰু ঔদাসীন্যৰ ভাৱ জগাই দি ধৰ্মই মানুহক সংসাৰৰ শোক- তাপ সহিবলৈ পাৰ্গত কৰি তোলে।
এই বাবে কাৰো আশঙ্কাৰ কথা নহয়, যে ব্যক্তিগত উন্নতি বা স্বাধীনতাই সমাজ, ষ্টেট বা ধৰ্মানুষ্ঠানৰ অহিত কৰিব পাৰে।
৫। শিক্ষা-সাধনৰ উপায়ৰ কথা কবলৈ আহি আগৰ
ইমানখিনি কথা অবান্তৰ যেন মনত হব
শিক্ষাৰ সম্বন্ধত সমাজ
আৰু ষ্টেটৰ কৰ্তব্য
পাৰে। আগৰ কথাখিনিত মই ইয়াকে
বুজাই লিখিব খুজিছিলোঁ যে ব্যক্তি
সমাজ আৰু ষ্টেটৰ স্বাৰ্থ ভিন নহয়, এক
আৰু ষ্টেট আৰু সমাজ ব্যক্তিৰ হিতৰ অৰ্থে হোৱা সমবেত
অনুষ্ঠান। গতিকে, ব্যক্তিৰ হিত কৰিবলৈ যেনে শিক্ষা
দিয়াৰ দৰকাৰ তাৰ ভাৰ সৰ্বতোভাৱে সমাজে আৰু ষ্টেটে
গ্ৰহণ কৰিব লাগে।