পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/১১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১২
শিক্ষা-বিচাৰ

পেশীৰ চালনাৰপৰা তাৰ পুষ্টি হয় কিন্তু সাধাৰণ স্বাস্থ্যৰ একো উন্নতি নহবও পাৰে, সেইদৰে অনেক সময়ত ব্যক্তিগত উন্নতি ষ্টেট বা সমাজৰ প্ৰত্যক্ষ হিতত নালাগে। কিন্তু যি-পৰ্য্যন্ত, অধিকা মঙহৰ দৰে, তেনে উন্নতি ষ্টেট বা সমাজৰ বিৰুদ্ধে নাযায়, সেই পৰ্য্যন্ত সি কোনো অহিত কৰিব নোৱাৰে; বৰঞ্চ, কেতিয়াবা, পৰোক্ষ হলেও, হিতত হে লাগিব পাৰে।

 অথচ, বুৰঞ্জীএ আবহমানকাল ব্যক্তিৰ লগত সমাজৰ, আৰু প্ৰজাৰ লগত ৰাজাৰ সংঘৰ্ষণকেহে কীৰ্তন কৰি আহিছে। বেণ-আৰু পৃথু-ৰাজাৰ দিনৰপৰা জাৰ নিকোলাচৰ দিনলৈকে ৰাজা-প্ৰজাৰ যি দুৰ্ঘোৰ বিবাদ চলি আহিছে, প্ৰজা-সৃষ্টিৰ আৰম্ভৰপৰা আজি পৰ্য্যন্ত সমাজে ব্যক্তিগত স্বাধীনতাত যি বাধা দি আহিছে, ইয়াৰ কাৰণ কি তেনেহলে?

 এই প্ৰশ্নৰ উত্তৰ, এই সম্পৰ্কে বিচাৰ কৰা পণ্ডিতসকলে এই দৰে দিছে যে পৰস্পৰে পৰস্পৰৰ উদ্দেশ্য ভুল কৰি বুজে। ৰাজাই প্ৰজাৰ হিতৰ কাৰণে কাৰ্য নকৰি নিজৰ স্বাৰ্থ-সিদ্ধিত মন দিলে বিদ্ৰোহৰ বীজ বপন কৰা হয়; আৰু সমাজে ব্যক্তিগত অত্যাচাৰৰপৰা নমাই আনি লাহেকৈ স্বাধীনতাৰ ওপৰত হাত দিব খুজিলেই সামাজিক উচ্ছৃংখলতাৰ সূত্ৰপাত কৰা হয়। স্বাধীনতা উচ্ছৃংখলতা নহয়, নিয়মৰ অধীনতা; উচ্ছৃংখলতাৰ সকলোতোকৈ নিকৃষ্ট পৰাধীনতা।