পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চতুৰ্থ অধ্যায়
শিক্ষা-সাধন

 ১। এই অধ্যায়ৰ আলোচনীয় কথা ওলায় মানে আন দুটা মান কথা তুলিব লাগিব। তাৰ আগৰ সংক্ষেপ সাৰ আগতে প্ৰথম আধ্যাৰ দুটামান কথাৰ সংক্ষিপ্ত সাৰ ইয়াত ঘূৰাই চোৱাৰ আৱশ্যক হৈছে।

 আমি দেখি আহিছোঁ যে অতি বহল অৰ্থত বিকাশকে শিক্ষা বুলি ধৰিব পাৰি। দুই অৱস্থাৰ গুণত বিকাশ দুই প্ৰকাৰ হয়—সামাজিক আৰু স্বাভাৱিক। স্বাভাৱিক বিকাশক শিক্ষাৰ ভিতৰত ধৰিৰ নোৱাৰোঁ, এই কাৰণে, যে তাত প্ৰত্যক্ষ ভাৱে মানুহৰ সহায় নাথাকে। সেই দৰে সামাজিক যি বিকাশ হয়, তাৰে কাৰণ ভিন্ ভিন্‌—নামতঃ, ঘৰ, সমাজ, ধৰ্ম, শাসন আৰু স্কুল।

 ইয়াৰ ভিতৰত, শিক্ষা অৰ্থত আমি স্কুল শিক্ষাকেহে বুজিব লাগে; প্ৰধানতঃ এই কাৰণে, যে সচৰাচৰ শিক্ষা-শব্দেৰে স্কুল, পণ্ডিত, ছাত্ৰ আৰু এই বোৰৰ আনুষঙ্গিক বস্তু আৰু ক্ৰিয়াবোৰক কোৱা যায়।

 স্কুলৰ এই শিক্ষাৰ উদ্দেশ্য, আমাৰ জীৱন-নিৰ্বাহত সহায় কৰা—অৰ্থাৎ, আমাৰ সংসাৰ যাত্ৰাৰ ৭০। ৮০ বছৰৰ ভিতৰত