পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০২
শিক্ষা বিচাৰ

দৃষ্টান্ত বহুত আছে। সেই দেখি বিশ্বাস কৰিবা তুমি সক্ষম, বিশ্বাস কৰিবা তুমি শক্তিশালী, বিশ্বাস কৰিবা তুমি উদ্যোগী;— সেই বিশ্বাসৰ অনুৰূপে তোমাৰ চৰিত্ৰ গঠিত হব।

 আত্ম শক্তিত বিশ্বাস, আৰু বিৰক্তি নমানি আদৰ্শ-লাভৰ কাৰণে অবিৰাম চেষ্টা,—সিদ্ধি লাভৰ এই দুই প্ৰধান পন্থা। ইয়াতে চলা, কৃতী হবা। সন্দেহ নকৰিবা, টান দেখি ঢিলাই নিদিবা। মনত ৰাখিবা,

“নায়মাত্মা বলহীনেন লভ্যঃ। ”
⸺•⸺