সমললৈ যাওক

পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/১০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০১
শিক্ষা-দানৰ প্ৰণালী

 ঈশ্বৰে যি দৰে সৰহ ভাগ মানুহকে লাগতিয়াল অঙ্গ-যুক্ত কৰি স্ৰজন কৰিলে, সেই দৰে সৰহ ভাগ মানুহকে আৱশ্যক জোখায় মানসিক শক্তিকো দিলে। ভেদ মুঠে উনৈশ-বিশ। যি কৰে নিজৰ শাৰীৰিক আৰু মানসিক শক্তিক নিয়ম মতে খটায়, আৰু একাগ্ৰমনে নিজ কৰ্তব্যত লাগি থাকে, তেৱেঁই হয় কৃতী। কৰ্তব্যত যাৰ একাগ্ৰতা নাই, তেওঁ নিজ শক্তিৰ অপচয় কৰে মাত্ৰ।

 পৃথিবীত যিমানবিলাক ডাঙৰ লোক হৈছে, তাৰ ভিতৰত অলপ সংখ্যক হে অসাধাৰণ বুদ্ধি-বৃত্তি লৈ জন্ম-গ্ৰহণ কৰিছিল। বেছি ভাগেই সাধাৰণ শ্ৰেণীৰ মানুহ। তেওঁবিলাকে উচ্চাকাংক্ষা, আত্মবিশ্বাস আৰু কৰ্মৰ প্ৰতি একাগ্ৰতাৰ গুণত সংসাৰত কৃতিত্ব লাভ কৰিছে। ডাঙৰ লোকৰ জীৱনিৰ পৰা এই শিক্ষাটোকেহে পোৱা যায়।

 সেই দেখি, নিৰাশ নহবা, মনক সৰু হবলৈ নিদিবা। তোমাৰ ভিতৰতো মহত্তৰ বীজ সঞ্চিত আছে। একাগ্ৰমনে কৰ্ত্তব্য কৰা; উদ্দেশ্যৰ প্ৰতি মন কৰি, নিৰ্দিষ্ট আদৰ্শৰ প্ৰতি লক্ষ্য ৰাখি, অগ্ৰসৰ হোৱা, নিশ্চয় সিদ্ধি তোমাৰ ওচৰ চাপিব। মনত ৰাখিবা যে তুমিও ইবিলাক কৃতীৰ দৰে যথেষ্ট শক্তি সম্পন্ন।

 মন এটা আচৰিত পদাৰ্থ। ইয়াৰ মূল আমি এতিয়াও পোৱা নাই। কিন্তু বিশ্বাসৰ প্ৰভাৱ যে কি অপৰিমেয়, তাৰ