পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/১০৬

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০০
শিক্ষা-বিচাৰ

কাৰণে চেষ্টা কৰিবা। সেই বিষয়ে উচ্চ আদৰ্শ জীৱনৰ আদিতে মনৰ আগত দৃঢ় কৰি বহুৱাবা। তাৰ পাছত তোমাৰ সকলো কৰ্ম, সকলো জ্ঞান, সকলো শক্তি, সেই আদৰ্শ লাভ কৰিবৰ কাৰণে নিয়োগ কৰিবা। ক্ৰমে দেখিবা তোমাৰ বহুল উন্নতি হব ধৰিছে।

 তুমি বাচি লোৱা বিষয়ত কৃতী কোনো প্ৰধান ব্যক্তিক আদৰ্শ কৰি লব পাৰিলে, জীৱনৰ গতি সেই আদৰ্শ-অনুযায়ী চলাবলৈ অনেক সুচল হয়।

 তুমি তোমাৰ আদৰ্শত লাগি থাকিলে তোমাৰ জীৱনৰ সমগ্ৰ চেষ্টা সেই আদৰ্শোন্মুখিনী কৰিলে, কোনো সন্দেহৰ অৱসৰ নাই যে তুমি কৃতকাৰ্য্য হবা।


 ১৭। আমাৰ নিজৰ শক্তিৰ প্ৰতি এই বিশ্বাস নাথাকাৰ কাৰণে আমি জীৱনত পাছ পৰি থাকোঁ। প্ৰত্যেক লোকে ভাবি চালে পাব যে উচ্চাকাংক্ষা আৰু আত্ম-বিশ্বাসতেওঁ লৰা-কালৰপৰা যিবিলাক লোকৰ লগ পাইছে, তাৰ ভিতৰত অনেক পাছ পৰি ৰল, অনেক আগ বঢ়িল; অথচ পাছ-পৰি-ৰোৱা লোকৰ অনেকেই স্কুলৰ পঢ়া-শুনাত আগ-বাঢ়া আছিল। সেইবিলাক মানুহৰ জীৱনৰ কথা ভাল দৰে ভাবি চোৱা; পাবা, যাৰ আকাংক্ষা আছিল, যাৰ নিজ-ক্ষমতাত বিশ্বাস আছিল, তেওঁ কৃতী হব পাৰিছে।