পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/১০৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৯৯
শিক্ষা-দানৰ প্ৰণালী

নুবুজাৰ কাৰণেই ছাত্ৰাৱস্থাৰ অনেক বুদ্ধিমান চতুৰ ডেকাক সংসাৰত অকৃতকাৰ্য হোৱা দেখা যায়।

  “লাগি থাকিলে মাগি নেখায়”—এই কথা-আখৰৰ মূল ইয়াতে।

 উন্নতি কামী লোকৰ পক্ষে জীৱনৰ আৰম্ভণতে এটা উচ্চ আদৰ্শ গ্ৰহণ কৰা একান্ত কতব্য। যুবক-মনৰ বিশেষত্ব এই যে মহত্ব আৰু অসাধৰণতাত সি সদাই আকৃষ্ট হয়। ই এয়া বিপদ।

  ডাঙৰ চোৰৰ কাহিনী শুনি তাৰ দৰে হবলৈ ইচ্ছা কৰা ডেকা অনেক আছে। ফুটবল খেল চাই খেলুৱৈ, চাৰ্কাচ চাই কুস্তিগিৰ, বাজি চাই বাজিকৰ, সভা দেখি বক্তা, ভাল পুথি পঢ়ি গ্ৰন্থকাৰ, সঙ্গীত শুনি গায়ক— ইত্যাদি নানান অৱস্থাতে নানা প্ৰকাৰে কৃতিত্ব লাভ কৰিবৰ মন সকলো ডেকা লৰাৰে দেখা যায়। কিন্তু ইয়াতে সাৱধান হোৱা আৱশ্যক।

 আচলতে তুমি কি বিষয় ভাল পোৱা আৰু কি বিষয়ৰ উচ্চ-সাধনাৰ প্ৰতি তোমাৰ বৃত্তি-সমুহ অনুকুল, এই কথা বিশেষ ৰূপে ভাবি চাবা। ই এটা দুৰুহ কাম। তোমাৰ শিক্ষক বা অভিভাৱকে এই বিষয় তোমাক সহায় কৰিব পাৰে; কিন্তু তেওঁলোকেও সম্পূৰ্ণৰূপে তোমাৰ উপযুক্ত বিষয়ৰ কথা জানিব নোৱাৰে। তুমি নিজে এই কথাত মোৰ প্ৰধান সাৰথি। তাৰ পাছত সেই বিষয়ত কৃতিত্ব লাভ কৰিবৰ