পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৪
শিক্ষা-বিচাৰ

ধৰিব পাৰে যে শব্দটো দেখাত ঠিক হোৱা নাই, কি যেন কি হৈছে। গু শু প্ৰভৃতি আখৰবোৰ এই দৰে নিলিখি গ শ এই দৰে লিখিলে, তোমাৰ চকুত নিশ্চয় কিবা লাগে।

  ১৫। ওপৰত জ্ঞানাৰ্জনৰ কথা আৰু তাৰ নিয়ম প্ৰণালীহে বেছি কৰি কোৱা হৈছে। কাৰণ, স্কুলত চৰিত্ৰ-গঠন⸺
কৰ্ম্ম
শিক্ষা অৰ্থত জ্ঞানাৰ্জনকেই মুখ্যকৈ বুজা যায়। কিন্তু মনৰ প্ৰধান কাৰ্য্য যে দুটা— জ্ঞানাৰ্জন আৰু ক্ৰিয়া কৰণ আৰু শিক্ষাৰ উদ্দেশ্যও চৰিত্ৰ-গঠন তাক আগতে কোৱা হৈছে। চৰিত্ৰ-গঠনৰ কাৰণে জ্ঞানাৰ্জনৰ সমানে সমানে ক্ৰিয়া-কৰণো আৱশ্যকীয়; বৰং ক্ৰিয়াকৰণ বেছি আৱশ্যকীয় হে বুলিব পাৰি। জ্ঞানৰ আৱশ্যক ক্ৰিয়াৰ কাৰণে হে; আৰু শেষত সকলো জ্ঞান ক্ৰিয়াৰূপে প্ৰকাশ পায়। আকৌ, মানুহৰ জীৱন-ক্ৰিয়াটো, শেষ কথাত, পাৰিপাৰ্শ্বিক অৱস্থাৰ লগত সম্বন্ধ-স্থাপন; ইয়াৰ বাবে ক্ৰিয়া-কৰণহে বেছি আৱশ্যকীয়।

  কৰ্ম চৰিত্ৰ-গঠনৰ উপায় আৰু উপাদান। সহজ কথাত চৰিত্ৰ গঠন অৰ্থ কিছুমান আৱশ্যকীয় অভ্যাস আয়ত্ত কৰি লোৱা। ইয়াক কৰিব পাৰি কৰ্মৰ দ্বাৰায় হে। সেই দেখি, যিবিলাক অভ্যাস আমাৰ পক্ষে লাগতিয়াল, পুনঃ পুনঃ চেষ্টা