পৃষ্ঠা:শিক্ষাবিদ বাণীকান্ত কাকতি.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শিক্ষাবিদ বাণীকান্ত কাকতি

প্ৰৱেশিকা পাছ কৰাৰ পিছতো টকাৰ অভাৱত তেওঁ পঢ়া-শুনা কৰাত বাধা আহি পৰিল। তেতিয়া এখনেই কলেজ গুৱাহাটীৰ ‘কটন মহাবিদ্যালয়’। সেই কলেজত গুৱাহাটীত থাকি পঢ়িবলৈ তেওঁলোকৰ সামৰ্থ মুঠেই নাছিল। পিছে, বাণীকান্ত কাকতি অলৰ অচৰ- তেওঁ কলেজত পঢ়িবই। নিৰুপায় হৈ মাকে স্বামীৰ বন্ধু জিৎৰাম হাজনৰ কায পালেগৈ। জিৎৰাম মহাজন এজন দয়ালু সৎ হৃদয়ৰ লোক আছিল। তেওঁ বাণীকান্তৰ পঢ়াৰ ধাউতি দেখি বৰ ভাল পালে। নিজৰ পুত্ৰৰ দৰে বাণীকান্তক পঢ়াৰ দায়িত্ব লবলৈ গা পাতি ল'লে। তেওঁ বাণীকান্ত কাকতিক গুৱাহাটী কটন কলেজত নাম ভৰ্ত্তি কৰাই হোষ্টেলত থকাৰ দিহা কৰি দিলে। অৱশ্যে তেওঁৰ মহানুভৱতাৰ কথা বাণীকান্ত কাকতিয়ে শেষ বয়সলৈকে মনত ৰাখিছিল আৰু চাকৰি কালত তেখেতক আপদে বিপদে সহায় কৰিবলৈ নেৰিছিল।


 কটন কলেজত ভৰ্ত্তি হৈয়েই বাণীকান্ত কাকতি পি চি ৰয় নামৰ অধ্যাপকজনৰ চকুত পৰে। ‘টিউটোৰিয়েল’ ক্লাচত বাণীকান্তৰ মেধাবী গুণ দেখি ক’ৰপৰা আহিছে- ক’ত ঘৰ সকলো পৰিচয় বিস্ময়েৰে তেওঁ জানিবলৈ বিচাৰে। পিছলৈ এই অধ্যাপক জনাৰ তেওঁ সদা স্নেহাভাজন হৈ ৰয়।

 নিজৰ পঢ়াশুনাত বাণীকান্ত কাকতি ব্যস্ত হৈ পৰিল। ১৯১৩ চনত কাকতিদেৱে কটন কলেজৰ পৰা কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত ‘ইন্টাৰমেডিয়েট’ কলা পৰীক্ষা দি বিশ্ববিদ্যালয়ত প্ৰথম স্থান পায় আৰু সকলো বিষয়ত ৮০ শতাংশৰ ওপৰ নম্বৰ পায়। কটন কলেজৰ পৰা