পৃষ্ঠা:শিক্ষাবিদ বাণীকান্ত কাকতি.pdf/২৪

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
শিক্ষাবিদ বাণীকান্ত কাকতি

তথাপি- এইজনা লোকে জীৱনৰ আৰম্ভণিৰ পৰা কতো থমকি ৰোৱা নাছিল। হতাশে তেওঁক নিৰাশ কৰিব পৰা নাছিল। প্ৰাইমেৰী বিদ্যালয় পাছ কৰি অশেষ কষ্ট কৰি একমাত্ৰ স্কুল বৰপেটা উচ্চ ইংৰাজী স্কুলত পঢ়া দিনবোৰ আছিল ভয়ঙ্কৰ আৰু কষ্টকৰ। তেতিয়া বৰপেটালৈ অহা বাটপথ আছিল মানুহ নথকা তৰাগছেৰে পূৰ্ণ। বাটত বাঘ, বনৰীয়া ম’হৰ, বনৰীয়া গাহৰিৰ সন্মুখীন হোৱাৰ ভয় আছিল। ন-খন্দা নৈ এখন পাৰ হব লাগিছিল সাতুঁৰি- কিয়নো তাত দলং নাছিল। তথাপি তেওঁ পঢ়া-শুনাত আছিল নিৰৱ সাধক। আৰু তাৰ ফল লাভ কৰিহে এৰিছিল৷ জীৱনক জয় কৰা এই মানুহজন এসময়ত ৰসিক মানুহ বুলি পৰিচিত হৈ পৰিছিল। সৰু সৰু কথাৰে সকলোকে আমোদ দিব পাৰিছিল এই বিদগ্ধ পণ্ডিতজনে। সেইবাবে তেওঁৰ বন্ধু-বান্ধৱ তেওঁৰ ভক্ত তেওঁৰ সেৱকৰ সংখ্যাও আছিল বহুত। এই সকলোবোৰে তেওঁক যেন এজন ব্যক্তিক্ৰমী পুৰুষ কৰি তুলিছিল।

 জীৱনৰ শেষছোৱাত তেওঁ ভগৱৎ জ্ঞান আৰু আত্মাৰ জ্ঞানৰ প্ৰতি ধাউতি আৰু অধিক হৈছিল। তেওঁ দৰ্শন শাস্ত্ৰ আদি অধ্যয়ন কৰিবলৈ লয়। এসময়ত ক্ৰমে তেওঁ ভগৱৎ প্ৰেমত বিলীনহৈ পৰে। ভগৱানৰ অস্তিত্ব তেওঁ অনুভৱ কৰি ভগৱানৰ বিনা যে জীৱৰ অস্তিত্ব নাই তাক বৰ ভালকৈ বুজি উঠে বুলি উল্লেখ কৰা হৈছে। এই কথা সেয়েহে তেওঁ তেওঁৰ ডায়েৰীত লিখি থৈ গৈছে। সৎ জ্ঞানৰ প্ৰতি প্ৰৱল ইচ্ছা, অসহায় জনৰ প্ৰতি সহানুভূতি, ঈশ্বৰৰ প্ৰতি বিশ্বাস- এইয়াই আছিল ড°বাণীকান্ত কাকতি দেৱৰ জীৱনৰ ব্ৰত। আৰু এইয়াই তেওঁক এজন মনিষী কৰি পৃথিৱীত জীয়াই ৰাখিলে; যি জীৱনে আন লোকসকলৰ