পৃষ্ঠা:শিক্ষাবিদ বাণীকান্ত কাকতি.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
শিক্ষাবিদ বাণীকান্ত কাকতি

পুৰণি আলোচনী ‘বাঁহী’ অসম ‘প্ৰদীপিকা’ত প্ৰকাশ হৈছিল। প্ৰৱন্ধবোৰ ভাষা সাহিত্যৰ লগতে ‘বেদ উপনিষদ’ৰ পৰা দক্ষিণাত্যৰ বৈষ্ণৱ আৰু বৈদান্তিক সম্প্ৰদায় আৰু ব্ৰহ্মদেশৰ ৰাধা সাহিত্যলৈকে সামৰা। অম্বিকাগিৰি ৰায় চৌধুৰীৰ বহু কবিতা তেওঁ ইংৰাজীলৈ অনুবাদ কৰে। কবিতাবোৰ কাৰাগাৰত লেখা বাবে Songs of the cell নাম দিয়ে। ১৯৪৬ চনত ড° কাকতিৰ জীৱনী ‘বাইয়োগ্ৰাফিকেল এণ্ড চাইক্লোপেডিয়া অফ ডি ওৱৰ্ল্ড’ত বিশ্বৰ বিখ্যাত শিক্ষাবিদসকলৰ অধ্যায়ত প্ৰকাশ হৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনে। বিশ্বৰ বুকুত উজলি উঠা এই আদৰ্শবান লোকজন কণকণ শিশুহঁতৰ বাবে আদৰ্শস্বৰূপ। মহাজ্ঞানী শিক্ষাবিদ এইজনাৰ জীৱন আছিল নিকা আৰু তেনেই সাধাৰণ। তেওঁ আছিল এজন কৃষি প্ৰিয় লোক। ধান খেতিৰ পৰা ফলমূললৈকে খেতি কৰিছিল। খেতিৰ বাবে তেওঁ বহু মাটি কিনি লৈছিল। ডাঙৰ পুখুৰী খান্দি তাত মাছো পুহিছিল৷ এই কামবোৰৰ সহচৰ আছিল ৰিহাবাৰীৰ এজন লোক। খেতিপথাৰ চাবলৈ গৈ ড° কাকতিয়ে বৰ সন্তোষ পাইছিল।

 তেখেতৰ আন এটি গুণ আছিল— মানুহজন বৰ ৰসিক। সৰু সৰু কথাবোৰ কৌতুক কৰি কৈ সকলোকে বৰকৈ হহুৱাইছিল যদিও তেওঁ সৰুতে পিতৃহাৰা হৈছিল, বহু অভাৱ অনাটন পাবলগীয়া হৈছিল, মাজে মাজে ৰোগে দুৰ্বল কৰিছিল, তথাপি হাঁহি হাঁহি জীৱনটো জয় কৰিছিল।

 তিনিটি পুত্ৰ তিনিগৰাকী জীয়ৰী সকলোকে আদৰ্শবান, শিক্ষিত কৰি গঢ়ি তুলিছিল। মৰমস্নেহেৰে তেওঁ পৰিয়ালটো এক কৰি থৈছিল।