পৃষ্ঠা:শিক্ষাবিদ বাণীকান্ত কাকতি.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
শিক্ষাবিদ বাণীকান্ত কাকতি

বিশ্ববিদ্যালয়ৰ উন্নতি, বিস্তাৰ আৰু শৃংখলাবদ্ধতাৰ বাবে অহৰহ চেষ্টা কৰিছিল, যাতে অসমৰ সন্তান সকলে এই বিশ্ববিদ্যালয় সুশিক্ষা গ্ৰহণত একো অসুবিধা নেপায়। জাতিৰ উন্নতিৰ বাবে, দেশৰ উন্নতিৰ বাবে শিক্ষা অতিকৈ গুৰুত্বপূৰ্ণ বুলি তেওঁ বাৰুকৈয়ে হৃদয়ঙ্গম কৰে।

 এইজনা মহাপুৰুষে অসমীয়া জাতিটোৰ সৰ্ব্বাঙ্গ উন্নতিৰ বাবে গোটেই জীৱনটো সাধনাই কৰিলে। তেওঁ অসংখ্য গ্ৰন্থ ৰচনা কৰা নাছিল। সাহিত্যৰ এটা দিশহে তেওঁ বাচি লৈছিল- সেইয়া আছিল অসমীয়া ভাষাৰ সত্যতা আৰু মূল বিচাৰ। আৰু সেই বিষয়ে পিছৰ কালত, অসমীয়া ভাষাক এক নিৰ্দিষ্ট সত্যৰূপত প্ৰতিষ্ঠিত কৰিলে।

 তেওঁ ইংৰাজী ভাষাত, অসমীয়া ভাষাত গ্ৰন্থ প্ৰণয়ন কৰি গৈছে। আনহাতে তেওঁ সংস্কৃত, পালি, ইংৰাজী, গ্ৰীক, লেটিন, হিন্দী, অসমীয়া ভাষা অতি মনোযোগেৰে নিশাৰ পিছত নিশা অধ্যয়ন কৰিছিল।

 ‘এচামিজ-ইটছ ফৰমেশ্যন এণ্ড ডেভেলপমেন্ট (Assamese Its Formation & Development) তেওঁৰ গৱেষণা পুথিখন ১৯৪১ চনত প্ৰকাশ হয়। এইখনে প্ৰাচ্য পাশ্চাত্যৰ ভাষাবিদসকলৰ পৰা বহু সমাদৰ পায়। অসমীয়া ভাষাক বৈজ্ঞানিক প্ৰতিষ্ঠা দিয়া এইখন উৎকৃষ্ট পুথি।

 দি মাডাৰ গডেচ কামাখ্যা (The Mother Goddess Kamakhya) ১৯৪৮ চনত প্ৰকাশ হয়।