পৃষ্ঠা:শিক্ষাবিদ বাণীকান্ত কাকতি.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
শিক্ষাবিদ বাণীকান্ত কাকতি

 ১৯৪২ চনত তেওঁ কটন কলেজত জেষ্ঠ্য অধ্যাপক পদত নিযুক্তি পায়। তেতিয়া দ্বিতীয় বিশ্বযুদ্ধৰ সময় আছিল। ১৯৩৯ চনত বিশ্বযুদ্ধ আৰম্ভ হয়। ১৯৪৬ চনত জাপানৰ সৈন্য মণিপুৰ আৰু অসমত সোমায়হি। অফিচাৰ আৰু সৈন্যক থাকিবলৈ দিয়াৰ বাবে কটন কলেজত হোষ্টেল আৰু অধ্যক্ষৰ আবাসগৃহ এৰি দিব লগা হয়। ইফালে ১৯৪২ চনত ‘ভাৰত ত্যাগ’ স্বাধীনতা আন্দোলনে উঠি পৰি লাগিছিল।

 ১৯৪৭ চনত ড° কাকতি কটন কলেজৰ অধ্যক্ষ হয়। বৰ কষ্টৰে তেওঁ বেমেজালি বাতাবৰণবোৰ চম্ভালিব লগা হয়। তেওঁ বেছি দিন সেই পদত নেথাকিল। ১৯৪৮ চনৰ ৩ জানুৱাৰী তাৰিখে স্বইচ্ছাৰে আগতীয়াকৈ অৱসৰ লয়। তাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ত অসমীয়া বিভাগত মুৰব্বী হিচাবে দায়িত্ব লয়। কটন কলেজত তেওঁ ৩০ বছৰ কাল চাকৰিত কটায়। এই সময়খিনিত ছাত্ৰ সমাজৰ দৃঢ়তা আৰু সাহসী মনোবল প্ৰদান কৰি শুদ্ধ পথলৈ অহাৰ প্ৰেৰণা দিছিল। শৈক্ষিক পৰিৱেশৰ উন্নতি কৰিছিল। নিজে আদৰ্শবান হৈ আদৰ্শৰে কলেজখন আগবঢ়াই নি তেওঁৰ সৎনাম স্বাক্ষৰিত কৰিছিল। ১৯৪৪ চনত অসম চৰকাৰৰ প্ৰতিনিধি হিচাবে তেওঁ 'ইণ্ডিয়ান হিষ্টোৰিকেল ৰেকৰ্ড কমিচন’ৰ পেশোৱাত বহা অধিবেশনলৈ যায়। তাতে তেওঁ মহাপণ্ডিত, বুৰঞ্জীবিদ সকলক লগ পাইছিল। তাৰ অন্যতম আছিল ড° পানিকাৰ। ড° পানিকাৰ ১৯৫৫ চনত যেতিয়া ‘ষ্টেট ৰি- অৰগিনিজেচন কমিচন (State re- organisation comission) ৰ সদস্য হিচাবে আহে ড° বাণীকান্ত কাকতিৰ থেচিচখনৰ কথা গম পায়। তেনে মূল্যৱান এখন পুথি বিশ্বৰ বাবে অপৰিহাৰ্য্য অথচ ভাৰতবৰ্ষতে প্ৰচাৰ নোহোৱাত আচৰিত হয়।