পৃষ্ঠা:শিক্ষাবিদ বাণীকান্ত কাকতি.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
শিক্ষাবিদ বাণীকান্ত কাকতি

হৈছিল বাণীকান্ত কাকতি যেনে মানুহপ্ৰিয় পত্নীও তেনে আলহীপ্ৰিয় স্বভাৱৰ আছিল। খুৱাই বুৱাই তেওঁ বৰ শান্তি পাইছিল। এই লোক সকলৰ ভিতৰত- বিশিষ্ট কবি কমলাকান্ত ভট্টাচাৰ্য্য, অম্বিকাগিৰি ৰায় চৌধাৰী, প্ৰিন্সিপাল জে. বৰুৱা, ডাঃ ভূৱেনেশ্বৰ বৰুৱা, লক্ষীধৰ শৰ্মা, লক্ষী দাস, ৰঘুনাথ চৌধুৰী, ধৰ্মেশ্বৰী দেবী বৰুৱানী, ভবেশ চন্দ্ৰ বৰুৱা, প্ৰফুল্ল চন্দ্ৰ বৰুৱা আদি সকলো আছিল। নগাঁৱৰ পৰা গৈ কবি ৰত্নাকৰ বৰকাকতিও প্ৰায়ে আলহী হৈ তেওঁৰ সান্নিধ্যত আছিলগৈ।

 ৰিহাবাৰীৰ নিজা বাসভৱনটিলৈ অহাৰ বাট বৰ আহুকলীয়া আছিল। তথাপি আলহীৰ ক্ষতি হোৱা নাছিল। প্ৰতি দেওবাৰে আলহীৰ উখল-মাখল লাগিছিল। ঘোৰা বাগিত প্ৰতি দেওবাৰে কমলাকান্ত ভট্টাচাৰ্য্য আহিবলৈ নেপাহৰিছিল। গোটেই দিনটোৱে বাণীকান্ত কাকতিৰ লগত কটাই গধূলিহে উভটিছিল।

 ৰিহাবাৰীত তেওঁৰ নতুন সঙ্গী হৈ পৰিছিল বিহাৰৰ পৰা অহা বিহাৰী আৰু বড়ো কছাৰী লোক কিছুমান। তেওঁলোকৰ লগত সুখ দুখৰ কথা পাতিছিল। হোমিও চিকিৎসাৰে সহায়ো কৰিছিল। ঘৰৰ মালীজন আছিল তেওঁৰ প্ৰিয় সহচৰ। সকলোৱে পৰম শ্ৰদ্ধাৰে বাণীকান্ত কাকতিক বৰবাবু বুলি মাতিছিল।

 নতুন সঙ্গী হৈ ড° মথুৰা নাথ গোস্বামী, গগনচন্দ্ৰ পাটোৱাৰী, ড° বিৰিঞ্চি কুমাৰ বৰুৱা, কানুৰাম চৌধুৰী, ঘনেশ্বৰ দাস, নাওৰাম কাকতি আদি সাহিত্যসেৱীলোক সকলেও লগ লৈছিলহি। এইদৰে গুণীগিয়ানী