পৃষ্ঠা:শিক্ষাবিদ বাণীকান্ত কাকতি.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
শিক্ষাবিদ বাণীকান্ত কাকতি

ঘৰুৱা অৱস্থাত দীন হীন জনৰ কথাও তেওঁ নভবাকৈ থকা নাছিল। তেওঁলোকৰ অভাৱ অভিযোগবোৰ দূৰ কৰিবলৈ সদায় চেষ্টা কৰিছিল। নিজে অতি দুখীয়া অৱস্থাৰ পৰা ডাঙৰ হোৱাৰ বাবে তেওঁ- দুখীয়া জনৰ মনৰ আশা, বেদনা আৰু ইচ্ছাৰ কথা ভালকৈ বুজিব পাৰিছিল৷

 চাকৰি কৰি টনকিয়াল হোৱাৰ পিছতো সেয়েহে কেৱল নিজৰ বাবেই ব্যস্ত থকা নাছিল। যিজন পঢ়াশুনাত ৰাপ থকা বা ভাল কামৰ বাবে উপযুক্ত তেওঁক সদায় সহায় কৰিছিল। তাৰবাবে নিজেই কেতিয়াবা কেতিয়াবা কষ্টতো পৰিব লগা হৈছিল। এইবোৰ কাৰণতে তেওঁক সকলোৱে বৰ ভাল পাইছিল আৰু সমীহ কৰিছিল। মনৰ কথাবোৰ তেওঁৰ ওচৰত খুলি কবলৈ সংকোচ নকৰিছিল।

 কলেজৰ ছাত্ৰ-ছাত্ৰীসকলেও তেওঁক বৰ ভাল পাইছিল। তেওঁৰ অগাধ পণ্ডিত্যৰ পৰিচয় পায় তবধ মানিছিল। তেওঁ পঢ়ুৱা শ্ৰেণীত ছাত্ৰসকল ভৰ্তি হ’বলৈ উঠি পৰি লাগিছিল।

 অসুবিধাৰ সন্মুখীন হৈ বাৰে বাৰে ভাড়াঘৰ বদলি কৰি অৱশেষত ১৯২৭ চনত গুৱাহাটীৰ দক্ষিণ দিশত থকা ৰিহাবাৰীত মাটি এটুকুৰা কিনি ড° কাকতিয়ে ঘৰ এটি সাজি নিগাজীকৈ থাকিবলৈ লয়। ভাড়াঘৰত থকা কালত তেওঁৰ সান্নিধ্যৰ বাবে বাটকুৰি বাই হ’লেও অনেক ছাত্ৰ-ছাত্ৰী, বহু জ্ঞানী বিজ্ঞসকল, সহকৰ্মীসকলৰ অহা যোৱা হৈছিল। তেওঁৰ লগত ৰসাল কথোপকথনৰ উপৰিও শিক্ষা বিষয়ৰ পৰা ৰাজনীতি, সমাজনীতি, সময়ৰ সাপেক্ষে অনেক আলোচনা বিলোচনা