পৃষ্ঠা:শিক্ষাবিদ বাণীকান্ত কাকতি.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
শিক্ষাবিদ বাণীকান্ত কাকতি

চনৰ ভিতৰত তেওঁ মহাপুৰুষীয়া এক শৰণ ধৰ্মৰ বিষয়ে ভবানন্দ পাঠক ছদ্মনামেৰে লিখা বহু প্ৰৱন্ধ বিভিন্ন কাকতত প্ৰকাশ পাইছিল।

 ইংৰাজী অনাৰ্চত প্ৰথম স্থান ল’ব নোৱাৰি ড° কাকতিয়ে ১৯২৩ চনত দৃঢ় মনোযোগেৰে পঢ়া-শুনাত লাগি কলিকতা বিশ্ববিদ্যালয়ৰ পৰা প্ৰাইভেটকৈ ভাষা বিভাগৰ ইংৰাজীৰ এম. এ. পৰীক্ষা দি প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ উত্তীৰ্ণ হয়। এয়া আছিল তেওঁৰ দৃঢ় সংকল্পৰ ফল।

 বাণীকান্ত কাকতিৰ গিয়ান, অসমীয়া ভাষা কৃষ্টিৰ প্ৰতি কৰা কৰ্ম, সামাজিক অধ্যয়ন আদি পৰ্য্যবেক্ষণ কৰি প্ৰখ্যাত ৰাজনীতিবিদ- তৰুণৰাম ফুকন, নবীনচন্দ্ৰ বৰদলৈ, মঃ তৈয়বুল্ল আদি নেতাসকলে ৰাজনীতিলৈ আনিবলৈ চেষ্টা কৰিছিল। তেওঁলোকে ১৯২৬ চনত পাণ্ডুত বহা কংগ্ৰেছৰ অধিবেশনত উপস্থিত থকা মহাত্মা গান্ধীক অসমৰ বিষয়ে অৱগত কৰিবলৈ বাণীকান্ত কাকতিক পঠিয়ায়। বাণীকান্ত কাকতিৰ পৰা অসমৰ বিষয়ে সবিশেষ জানি মহাত্মা গান্ধী অভিভূত হয়। আহমদাবাদলৈ উভতি গৈয়ে গান্ধীজীয়ে ‘হিন্দ স্বৰাজত’ অসম আৰু অসমীয়াৰ বিশেষত্বৰ প্ৰৱন্ধ লিখি প্ৰকাশ কৰে। এই প্ৰৱন্ধতে অসমীয়া শিপিনীসকলৰ আৰু তাঁতশালৰ পাৰ্গতালিৰ কথা প্ৰশংসা কৰে।

 সাধাৰণ ভাৱে জীৱন কটোৱা, কেৱল সৎ কৰ্ম সৎ ধাৰণাতে থকা বাণীকান্ত কাকতিয়ে জীৱনত বহু কষ্ট কৰিবলগীয়া হৈছিল। সৰহকৈ টকা দিব নোৱাৰাৰ বাবে উন্নত ধৰণৰ ভাড়া ঘৰত থাকিব নোৱাৰিছিল। নিজৰ ল’ৰা-ছোৱালী, পৰিবাৰ, ঘৰ-সংসাৰৰ কথা ভবাৰ উপৰিও তেওঁ পৰিয়ালৰ বহু কেইজন লোকৰ কথাও ভাবিবলগীয়া হৈছিল। তদুপৰি