সমললৈ যাওক

পৃষ্ঠা:শান্তি-দূত.pdf/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শান্তি-দূত
মহাত্মা গান্ধী
 

 (৪) ৰাজনৈতিক আন্দোলনত যোগ দিয়াৰ কাৰণে ইস্তফা দিয়া বা পদচ্যুত কৰা ৰাজ-কৰ্ম্মচাৰীক পুনৰ আগৰ কামত নিয়োগ।

 (৫) লোণ তৈয়াৰৰ অধিকাৰ; মদ আৰু বিলাতি কাপোৰ বৰ্ত্তনৰ কাৰণে পিকেটিংৰ অধিকাৰ দান।

 (৬) পুলিচৰ অত্যাচাৰৰ নিৰপক্ষ তদম্ভ।

 ১৭, ১৮, ১৯ ফেব্ৰুৱাৰী একেৰাহে তিনি দিন গান্ধীজীৰ লগত ৰাজ-প্ৰতিনিধি লৰ্ড আৰউইনৰ  গান্ধী আৰউইন আলোচনা শান্তি চুক্তিৰ আলোচনা হয়। এই তিনি দিন আলোচনাৰ পিচত ৰাজ-প্ৰতিনিধিয়ে বৃটিছ মন্ত্ৰীসভাৰ লগত পৰামৰ্শ কৰিবলৈ এসপ্তাহ সময় লয়। পুনৰ ২৭ ফেব্ৰুৱাৰীত আলোচনা আৰম্ভ কৰে। এই আলোচনাৰ গতি দেখি চৰকাৰৰ বৰমূৰীয়া বিষয়া সকলৰ অসন্তোষৰ উপৰিও বিলাতত ৰক্ষণশীলদলৰ নেতা উইনস্টন চাৰ্চ্চিলে কয়—

 “বনুৱাদলে ক্ষমতা পাই ভাৰতৰ ৰাজদ্ৰোহী নঙঠা ফকিৰ গান্ধীক ৰাজ-প্ৰতিনিধিৰ প্ৰাসাদতে সমানে বহি সন্ধিৰ আলোচনা কৰিবলৈ সুবিধা দিছে।”

 আলোচনা দীৰ্ঘদিন ব্যাপি হল। কংগ্ৰেচৰ কাৰ্যনিৰ্বাহক সভাই এই দীঘলীয়া আলোচনাত  গান্ধী আৰউইন পেক্ট

বিৰক্তি প্ৰকাশ কৰি ৰাজ-প্ৰতিনিধিৰ সন্ধিৰ প্ৰস্তাববোৰত অসম্মতি প্ৰকাশ কৰে। চাপ্ৰু শাস্ত্ৰী আৰু

৯২