মেজ-মেল হৈ যোৱাত বিলাতৰ 'নিউজ ক্ৰনিকেল' নামক বাতৰি কাকতৰ প্ৰতিনিধিয়ে গান্ধীজীৰ মতামত সুধি পঠিয়াইছিল। তাৰ উত্তৰত মহাত্মাই কৈছিল---
“মই এতিয়াই মেজ-মেলৰ সিদ্ধান্তৰ ওপৰত মতামত প্ৰকাশ কৰিবলৈ অক্ষম। কিন্তু জেলৰ পৰা ওলাই যি দেখিছোঁ, শুনিছোঁ, সি মোক পীড়াহে দিছে। মই আশাবাদী; কিন্তু অৱস্থা দেখি মই নিৰাশহে হৈছোঁ। যদি বৃটিছ চৰকাৰৰ ভাৰতক স্বাধীনতা দিয়াৰ একান্ত ইচ্ছা; তেন্তে তাৰ আগ জাননীৰূপে সেই শুভ ইচ্ছাৰ প্ৰতিক্ৰিয়া ইতিমধ্যে ভাৰতত প্ৰকাশ পাৰ লাগিছিল। কিন্তু ভাৰতত এতিয়াও নিৰ্যাতন, নিপীড়ণ চলি আছে। কোনো অপকৰ্ম্ম কৰি খং নোতোলাকৈয়ে এতিয়াও নিৰপৰাধী নাগৰিকে পুলিচৰ মাৰ কিল খাবই লাগিছে। বিনা কাৰণে সম্ভান্ত লোকৰ ধন-সম্পত্তি চৰকাৰে বাজেয়াপ্ত কৰিবই লাগিছে। তিৰোতা আৰু সৰু লৰা-ছোৱালীয়েও পুলিচৰ মাৰ-কিল- অপমানৰ হাত সাৰিব পৰা নাই। তিৰোতাবোৰক পুলিচে চুলিত ধৰি টানিছে, বুত জোতাৰে গুৰিয়াইছে। এইবোৰ কাৰ্য্য চলি থকাত কংগ্ৰেছে চৰকাৰৰ লগত সহযোগ কৰা অসম্ভৱ।"
এই খবৰ পঢ়ি বৃটিছ চৰকাৰে বুজিলে যে, প্ৰথম মেজ-মেল অথলে গল। কংগ্ৰেচৰ সহযোগ নহলে ভাৰতীয় সমস্যাৰ কেতিয়াও সমাধান নহব। গতিকে দ্বিতীয় মেজ-মেল এখন পাতি তাত কংগ্ৰেছৰ সহযোগৰ কাৰণে চেষ্টিত হল।
জেলৰ পৰা ওলায়েই মহাত্মাজীয়ে খবৰ পালে যে, মতিলালজীৰ নৰিয়া টান। তেওঁ
পণ্ডিত মতিলালজীৰ মৃত্যুকিছুদিন আগৰে পৰা ৰোগ ভুগি আছিল। এই
৮৯