আত্মহাৰা নিৰীহ স্বেচ্ছাসেৱক সকলৰ ওপৰত পুলিচৰ অত্যাচাৰ অসহনীয়। শাসনৰক্ষীদল পেপুৱা লাগিছিল।”
ওয়েৱ মিলাৰ ‘নিউ ফ্ৰি মেন' কাকতৰ প্ৰতিনিধি। তেওঁ ধৰাসনাৰ কাণ্ড দেখি লিখিছিল—
“মই যোৱা ওঠৰ বছৰত বাতৰি কাকতৰ প্ৰতিনিধিব্বশে ২২ খন দেশত ফুৰিছোঁ। অনেক মৰামৰি, অনেক সাম্প্ৰদায়িক কন্দল আৰু বিদ্ৰোহীৰ যুদ্ধ দেখিছোঁ। কিন্তু ধৰাসনাত যি দেখিলোঁ, এনে হৃদয়-বিদাৰক দৃশ্য কতো দেখা নাই। স্বেচ্ছাসেৱক সকলৰ ধৈৰ্য্য আৰু শৃঙ্খলতা দেখি অবাক হৈছে৷। তেওঁলোকে গান্ধীজীৰ ধৰ্ম্ম মৰ্ম্মে মৰ্ম্মে অনুভৱ কৰিছে।”
শ্লকোম্বীয়ে ২০ মেইত গান্ধীজীক য়াৰভাদা জেলত দেখা কৰি বৃটিছ চৰকাৰক সাৱধান কৰি 'ডেইলি হেৰল্ডত' লিখিছিল:—
“এতিয়াও সন্ধিৰ সময় আছে। মিলা প্ৰীতিৰ ভাৱে মিলা-প্ৰীতি আনিব। কিন্তু শত্ৰুতাৰ ভাৱে এক পক্ষক নিশ্চয় অধিকাৰ এৰিবলৈ বাধ্য কৰিব। মহাত্মাজী বৰ্ত্তমান প্ৰত্যেক ভাৰতবাসীৰে প্ৰাণস্বৰূপ। গতিকে এতিয়াও মিলা-প্ৰীতিৰে বহুতো বিপদৰ হাত সাৰিবৰ সম্ভাবনা আছে।”
এই সময়তে চাপ্ৰু-জয়াকাৰে কংগ্ৰেচ আৰু চৰকাৰৰ মিলনৰ মধ্যস্থতা কৰে।
চাপ্ৰু-জয়াকাৰৰ মধ্যস্ততা তেওঁলোকে অনেক ত্যাগ আৰু কষ্ট স্বীকাৰ কৰি পুনা, চিমলা, নাইনিতাললৈ দৌৰাদৌৰি কৰে; অনেক চিঠি-পত্ৰ লিখালিখি কৰে। পণ্ডিত মতিলাল আৰু জহৰলালজী তেতিয়া নাইনী জেলত আবদ্ধ আছিল। তেওঁলোকক তাৰ পৰা
৮৬