ভাৰত শাসনত অনাস্থা জনাই গান্ধীজীৰ লগত ভাৰতীয় সমস্যাৰ আপোচ কৰিবলৈ বৃটিছ সাম্ৰাজ্যৰ প্ৰধান মন্ত্ৰী ৰামজে মেকডোনাল্ডক অনুৰোধ কৰিলে।
দিন দিয়েক পাচতে আব্বাচ তৈয়াবজীও বন্দী হল। নাইডুৱে এটি সৰু দল লৈ ধৰাসনা
আইন অমান্য আন্দোলনৰ
গুৰুত্ব
লোণ কুঠি আক্ৰমণ কৰিলে। পুলিচে তেওঁলোকক আটক কৰিলে। তেওঁলোকৰ পিচতে আৰু এটা ডাঙৰ দল গল। পুলিচে তেওঁলোকৰ ২২০ জনক বন্দী কৰি বাকীবোৰক মাৰি কিলাই খেদি দিলে। তাৰ পাচত তাতকৈও এটা ডাঙৰ দল গল। এইবাৰ পুলিচে ৪০০ জনক বন্দী কৰিলে। এদৰে ইদলৰ পিচত ক্ৰমশঃ ডাঙৰ আন এদল গৈ পুলিচ আৰু মিলিটাৰিক পেপুৱা লগালে।
২১ মেইৰ দিনা দুহেজাৰ সত্যাগ্ৰহী লৈ নাইডুৱে লোণ কুঠি আক্ৰমণ কৰিলে। সিদিনা তেওঁক বন্দী কৰিলে।
১লা জুনত পোন্ধৰ হাজাৰ সত্যাগ্ৰহীয়ে বোম্বাইৰ ওচৰৰ 'ওৱাদালা লোণ কুঠী আক্ৰমণ কৰিলে। তাৰ ভিতৰত কিছুমান তিৰোতা আৰু লৰা-ছোৱালীও আছিল। পুলিচ আৰু মিলিটাৰিৰ অত্যাচাৰত সিদিনা বহুতো মানুহ আহত হল।
সেই দৃশ্য দেখি লণ্ডনৰ 'ডেইলি হেৰল্ড' কাকতৰ প্ৰতিনিধি। জৰ্জ শ্লকোম্বীয়ে লিখিছিল :
“এজন ইংৰাজৰ পক্ষে সেই দৃশ্য চাই থাকিবলৈ লাজ লাগে। আবেগত
৮৫