সমললৈ যাওক

পৃষ্ঠা:শান্তি-দূত.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শান্তি-দূত
মহাত্মা গান্ধী
 

 ১৮৬৯ খৃষ্টাব্দৰ ২ অক্টোবৰত গুজৰাটৰ পোৰ-বন্দৰত মহাত্মা গান্ধীৰ জন্ম হয়। পোৰ-বন্দৰ জন্ম আৰু পৰিচয় আৰৱ সাগৰৰ পাৰত। বহু কালৰ আগৰে পৰা ই জলদস্যু, সাউদ আৰু পুৰোহিত সকলৰ ক্ৰিয়াভূমি।

 আধ্যাত্মিকতা, জন-সেৱা, লোক-শিক্ষা প্ৰভৃতি ব্ৰাহ্মণৰ মহৎ গুণবিলাক গান্ধীজীয়ে পাইছিল; কিন্তু তেওঁ ব্ৰাহ্মণৰ ঘৰত ওপজা নাছিল। সাহস আৰু আত্মোৎসৰ্গ প্ৰভৃতি ক্ষত্ৰিয়ৰ গুণবিলাকো তেওঁৰ আছিল; কিন্তু তেওঁ ক্ষত্ৰিয় সন্তানো নাছিল। কাথিৱাৰাৰ উপদ্বীপৰ এটা প্ৰাচীন সম্ভ্ৰান্ত বৈশ্যপৰিয়ালত তেওঁৰ জন্ম হৈছিল। কেবাপুৰুষ আগৰে পৰা এই পৰিয়ালত ৰাজনীতিৰ চৰ্চ্চা আছিল।

 তেওঁৰ ককাদেউতাক পোৰ-বন্দৰ ৰাজ্যৰ দেৱান বা প্ৰধান মন্ত্ৰী আছিল। দেউতাক পোৰ-বন্দৰ আৰু আন সৰু কেবাখনো দেশীয় ৰাজ্যৰ দেৱান আছিল। গান্ধীৰ দেউতাকৰ নাম কৰমচাঁদ গান্ধী৷ মানুহে তেওঁক ‘কাবা গান্ধী' বুলি মাতিছিল। কাবা গান্ধী সেই অঞ্চলৰ জনা-শুনা মানুহ আছিল। মানুহে তেওঁক ভাল পাইছিল। কিয়নো উচিত কথাত তেওঁ ৰজা আৰু ৰাষ্ট্ৰদূতৰ কথাৰো প্ৰতিবাদ কৰিছিল। গান্ধীজীয়ে দেউতাকৰ এই বিশেষ লক্ষণ পাইছিল।