সমললৈ যাওক

পৃষ্ঠা:শান্তি-দূত.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শান্তি-দূত
মহাত্মা গান্ধী
 

কিলাই আমাতকৈও আন্দোলনৰ প্ৰচাৰ কাৰ্য্য অধিক কৰিছে আৰু ৰাইজক চৰকাৰৰ লগত যুঁজিবলৈ অধিক শক্তিহে যোগাইছে।”

 ঘটনাৰ ৰূপ দেখি চৰকাৰৰ থৰ-কাছুটি হেৰাল। ঘনাই ৰাজ-প্ৰতিনিধিৰ কাৰ্যনিৰ্বাহক সভা বহিল। অনেক জৰুৰী আইন কৰি পুলিচক অধিক ক্ষমতা দিলে। বাতৰি কাকতৰ মুখ বন্ধ কৰিলে। মহাত্মাজীৰ নৱ জীৱন প্ৰেচ বাজেয়াপ্ত হল। “ইয়ং ইণ্ডিয়া' লিথো যন্ত্ৰত ছপা হৈ প্ৰচাৰিত হল। মহাত্মাই 'ইংৰাজৰ কলঙ্কিত শাসন' শিৰোনামা দি ইয়ং ইণ্ডিয়াত লিখিলে—

 “চৰকাৰে লোণ- আইন তুলি নললে জন সাধাৰণে মাৰ-কিল, অন্যায় উৎপীড়ণকতো গণিতা নকৰেই, বন্দুকৰ গুলীকো ভয় নকৰিব।”

 চৰকাৰৰ দমন নীতি চলি থাকিল। মহাত্মাৰো প্ৰচাৰ কাৰ্য চলি থাকিল। তেওঁ গাঁৱে গাঁৱে ফুৰি সূতা কটা, খদ্দৰ পিন্ধা, লোণ তৈয়াৰ কৰা আদি কামত উৎসাহ দিলে। তাৰি খাবলৈ হাক দিলে। তেওঁ খেজুৰ গছবোৰ কাটি সমূলঞ্চে নাইকিয়া কৰিবলৈ কলে আৰু নিজ হাতে কুঠাৰ ধৰি এদিন এজোপা খেজুৰ গছ কাটি ৰাইজক প্ৰেৰণা যোগালে। চৰকাৰী চাকৰিয়ালবোৰক কাম এৰি দি জাতীয় ৰণত যোগ দিবলৈ আহ্বান জনালে। হাতত টাকুৰি নোহোৱাকৈ মিটিঙলৈ আহিবলৈ হাক দিলে। চৰকাৰী চাকৰিয়ালক সমাজৰ বাহিৰ কৰি ভাত-কাপোৰ যোগোৱাত বাধা দিবলৈ মানা কৰিলে।

 আইন অমান্য আন্দোলনৰ ফলত সেই বছৰত বোম্বাই

৮২