বাধ্যতামূলক অলস শান্তিৰ জড়তা নিবাৰণৰ অৰ্থে আইন অমান্য কৰা মই পবিত্ৰ কাৰ্য্য বুলি ভাবো।”
১১ মাৰ্চৰ আবেলি সবৰমতী আশ্ৰমৰ সমুখত হেজাৰ-বিজাৰ মানুহ গোট খালে। মহাত্মাই মহাত্মাজীৰ দাণ্ডি যাত্ৰাতেওঁলোকক কলে :— “আমাৰ কাৰ্য্য মহৎ; উপায় পবিত্ৰ। ভগবানে নিশ্চয় আমাক কাৰ্য্যসিদ্ধিত সহায় কৰিব। সত্যক আশ্ৰয় কৰি থাকিলে সত্যাগ্ৰহীৰ কতো কেতিয়াও পৰাজয় নাই। কাইলৈ যি যুদ্ধলৈ যাব খুজিছোঁ; তাত জয়লাভৰ কাৰণে সকলোৱে মিলি ভগবানক প্ৰাৰ্থনা কৰোহঁক।"
প্ৰাৰ্থনা সভা বহিল। তাৰ অন্তত সকলো ঘৰাঘৰি গল।
১২ মাৰ্চত মহাত্মাজীয়ে ৭৯ জন আশ্ৰমৰ সেৱকলৈ লোণ আইন ভঙ্গ কৰিবলৈ দাঙি যাত্ৰা কৰিলে। লগত ওলাল ৺সৰোজনী নাইডু, আব্বাচ তৈয়াবজী আৰু তেওঁৰ কন্যা। মহাত্মাই দলৰ আটাইতকৈ আগত নিসঙ্কোচে বেগাই খোজ ললে।
পণ্ডিত মতিলালজীয়ে এই দৃশ্য দেখি কৈছিল :- "শ্ৰীৰামচন্দ্ৰৰ লঙ্কা-যাত্ৰাৰ দৰে মহাত্মা গান্ধীৰ দাণ্ডি যাত্ৰা চিৰস্মৰণীয় হব আৰু তেওঁ যি ঠাইৰ মাজেৰে যায়, সেই ঠাই পবিত্ৰ তীৰ্থক্ষেত্ৰত পৰিণত হব।”
এই পবিত্ৰ যুদ্ধৰ যাত্ৰীসকলৰ সুগমনৰ বাবে ৰাইজে পানী ঢালি আলিৰ ধূলি নাইকিয়া কৰিছিল, জিৰণিৰ ঠাইবোৰত লতা-
পতাৰে সজাই মণ্ডপ তৈয়াৰ কৰিছিল, তাত জাতীয় পতাকা আৰু
৭৮