সমললৈ যাওক

পৃষ্ঠা:শান্তি-দূত.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শান্তি-দূত
মহাত্মা গান্ধী
 

 অহিংস অসহযোগেই ভাৰতবাসীৰ ত্যাগ আৰু শক্তিৰ একমাত্ৰ অস্ত্ৰ এই অস্ত্ৰৰ ব্যৱহাৰত আৰু পলম কৰিলে মই পাপৰ ভাগী হম। মই অহিংস উপায়ে আইন অমান্য কৰিবলৈ থিৰ কৰিছোঁ। সদ্যে এই যুঁজত ম‍ই সত্যাগ্ৰহ আশ্ৰমৰ সেৱক সকলকহে লগত লৈছোঁ। ইয়াৰ নিয়ম-নীতি মানি যি সকলে চলিব খোজে, তেওঁলোককো ক্ৰমশঃ লোৱা হব।

 যদি আপুনি ১১ মাৰ্চৰ ভিতৰত ভাৰত-শাসন-নীতিৰ কোনো পৰিবৰ্ত্তন নঘটায়, তেন্তে ১২ মাৰ্চত মই আশ্ৰমবাসী সকলক লগত লৈ লোণ-কৰ আইন ভঙ্গ কৰিবলৈ দাণ্ডিলৈ যাত্ৰা কৰিম। কিয়নো আমাক স্বৰাজ লাগে মূক আৰু দৰিদ্ৰৰ কাৰণে। মোৰ মতে দৰিদ্ৰতাৰ ফালৰ পৰা এই আইনেই অতি নিষ্ঠুব। কিয়নো লোণ ভাৰতবাসীলৈ প্ৰকৃতিৰ দান। ৰজাই আইনৰ বলেৰে দৰিদ্ৰ প্ৰজাক সেই দানৰ পৰা বঞ্চিত কৰিবৰ ন্যায়তঃ কোনো অধিকাৰ নাই।

 মই জানো যে, আপুনি মোক বন্দী কৰি মোৰ সংকল্প সিদ্ধিত বাধা জন্মাব পাৰে। কিন্তু মোৰ পাচত আন্দোলনৰ নিয়ম আৰু শৃঙ্খলা মানি চলিবলৈ হেজাৰ হেজাৰ কৰ্ম্মী আছে। আইন ভঙ্গৰ সকলো শাস্তিকে হাঁহি মুখে মূৰ পাতি লবলৈ তেওঁলোক প্ৰস্তুত।”


 এই চিঠিৰ ৰাজ-প্ৰতিনিধিৰ পৰা অহা উত্তৰ অতি চুটি। তেওঁ লিখিছিল :—

 "আপোনাৰ কাৰ্য্যই ৰাইজৰ নিশ্চয় শান্তিভঙ্গ কৰিব।”

 এই উত্তৰ পাই মহাত্মা গান্ধীয়ে ইয়ং ইণ্ডিয়াত লিখিছিল :—

 “খাবলৈ নাপাই পেটৰ ভোকত আঁঠু লৈ খুজিছিলো ৰুটি; কিন্তু ৰাজ প্ৰতিনিধিয়ে দিলে শিল। ভাৰতীয় ৰাইজৰ শান্তিৰ অৰ্থ জেলখানাত পচা। কিয়নো বৰ্ত্তমান গোটেই ভাৰতেই এখন বৃহৎ জেলখানা। গতিকে

৭৭