আন্দোলনৰ গুৰি ধৰিবলৈ তেওঁক সম্পূৰ্ণ কৰ্তৃত্ব আৰু একাধিপত্য দিয়া হল।
পূৰ্ব্বাপৰ ৰীতি অনুযায়ী মহাত্মাজীয়ে এখন চিঠিৰে তেওঁৰ ভবিষ্যত কাৰ্য নীতি
ৰাজ-প্ৰতিনিধিলৈ মহাত্মাজীৰ
বুৰঞ্জী প্ৰসিদ্ধ পত্ৰ
ৰাজ-প্ৰতিনিধি লৰ্ডআৰউইনক জনালে। এই চিঠিখন 'ৰেজিনাল্ড ৰয়নল্ড' নামে এজন মহাত্মাৰ আশ্ৰমৰ ইংৰাজ পুৰুষৰ যোগে পঠোৱা হৈছিল। বোধ কৰোঁ এজন ইংৰাজৰ যোগে এই চিঠি পঠিওৱাৰ উদ্দেশ্য এয়ে আছিল যে, মহাত্মাই ভাৰতত বৃটিছৰ শাসন নীতিক অশ্ৰদ্ধা কৰিলে ও বৃটিছ জাতিক শ্ৰদ্ধা কৰে; ইংৰাজক বিশ্বাস কৰে— এইটোকে দেখুওৱা। ইংৰাজৰ প্ৰতি মহাত্মাৰ কেতিয়াও কোনো কালেও বিদ্বেষ ভাৱ নাছিল।
চিঠিখনৰ মৰ্ম্ম এই :—
"ইংৰাজ শাসনে ভাৰতৰ অমাত জন-সাধাৰণক ক্ৰমশঃ হীন আৰু দুৰ্ব্বল কৰি তুলিছে; ভাৰতবাসী ৰাজনৈতিক গোলামত পৰিণততো হৈছেই, তেওঁলোকৰ ধৰ্ম্ম আৰু সভ্যতাকো ক্ষীণ কৰি আনিছে। ইংৰাজ শাসনে ভাৰতবাসীক ভয়াতুৰ কৰি তুলিছে। ভাৰতবাসী জাতি হিচাবে টিকি থাকিব লাগিলে, ভাৰতৰ দৰিদ্ৰ প্ৰজাক তিল তিলকৈ মৰা মৃত্যুৰ হাতৰ পৰা ৰাখিব লাগিলে, বৃটিছৰ শাসননীতিৰ পৰিবৰ্ত্তন ঘটাবই লাগিব কিন্তু গ্ৰেট বৃটেনে ভাৰতীয় স্বাৰ্থ, ভাৰতীয় বাণিজ্য কেতিয়াও স্বেচ্ছাই এৰি নিদিয়ে। তাৰ বাবে ভাৰতবাসীয়ে যথেষ্ট ত্যাগ আৰু শক্তি প্ৰয়োগ কৰিব লাগিব।
৭৬