সমললৈ যাওক

পৃষ্ঠা:শান্তি-দূত.pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শান্তি-দূত
মহাত্মা গান্ধী
 

প্ৰাদেশিক আৰু কেন্দ্ৰীয় ব্যৱস্থাপক সভাৰ কংগ্ৰেচী সভ্যসকলক পদ ইস্তফা দি সঢলনিকৈ জাতীয়-ৰণত যোগ দিবলৈ আহ্বান কৰে; আৰু কাৰ্য্য-নিৰ্ব্বাহক সভাই যেতিয়াই যি উচিত বিবেচনা কৰি কাৰ্য্য হাতত লয়, তাক আন্তৰিকতাৰে সৈতে পালন কৰিবলৈ নিৰ্দেশ দিয়ে।”

 ১৯৩০ চনৰ ২৬ জানুৱাৰীত পোন প্ৰথম ভাৰতত স্বাধীনতা দিন পালন কৰা হয়।

 তেতিয়াৰ পৰা কংগ্ৰেচ আৰু চৰকাৰৰ, মধ্যপন্থী আৰু কংগ্ৰেচৰ বিভেদ আৰু গভীৰ হল। কংগ্ৰেচ চৰকাৰৰ চকুৰ কুটা হল। মধ্যপন্থী সকলেও কবলৈ ধৰিলে যে,

 “গান্ধীজীৰ আকোৰগজালিত মেজ-মেল নবহিল।”

 ১৯৩০ চনৰ ২৫ জানুৱাৰীত ৰাজপ্ৰতিনিধিয়ে কেন্দ্ৰীয় ব্যৱস্থাপক সভা মুকলি কৰা বক্তৃতাত কলে—

 “গান্ধীয়ে অন্যায় আবদাৰ কৰি বৃটিছ মন্ত্ৰীসভাৰ সদিচ্ছা পূৰণ কৰিবলৈ নিদিলে।”

 এনে সঙ্কট অৱস্থাত কংগ্ৰেচ কৰ্ম্মীসকলে অনুষ্ঠানৰ মৰ্য্যদা আৰু

 

আইন অমান্য আন্দোলনৰ
প্ৰথম প্ৰস্তাৱ

জন্মভূমিৰ মুক্তিৰ কাৰণে দুগুণ উৎসাহে উঠি-পৰি লাগিল। ১৯৩০ চনৰ ১৫ ফেব্ৰুৱাৰীত এলাহাবাদত কংগ্ৰেছৰ কাৰ্য্য-নিৰ্বাহক সভা বহিল। তাত অনেক সুচিন্তিত তৰ্ক-বিতৰ্কৰ পাচত প্ৰস্তাৱ পাচ কৰিলে যে, গান্ধীজীয়ে অহিংস উপায়ে আইন অমান্য আন্দোলন আৰম্ভ কৰিব লাগে আৰু এই

৭৫