ক্ৰমে পুনৰ হিংসা আক ভাতৃ ভাৱৰ বিৰোধে ভাৰতৰ
আত্মাক ঢাকি ধৰে। তেতিয়া শ্ৰীশঙ্কৰাচাৰ্য্যৰ প্ৰায় এহেজাৰ
বছৰৰ পাচত গান্ধী-সূৰ্য্য উদয় হৈ পুনৰ ভাৰতৰ আত্মাক উজ্জ্বল
কৰি তোলে।
গতিকে দেখা যায় যে, মহাত্মা গান্ধীৰ বিকাশ ভাৰতীয়
প্ৰাচীন সংস্কৃতিৰে আত্মিক প্ৰকাশ। মহাত্মাৰ বাণী প্ৰাচীন
ভাৰতৰে মৰ্ম্ম বাণী।
কিয়নো অহিংসাই আছিল তেওঁৰ অস্ত্ৰ ৷ সেৱাই আছিল
তেওঁৰ ধৰ্ম্ম। সত্যান্বেষণেই আছিল তেওঁৰ ব্ৰত ৷ নৈতিক
বলেই আছিল তেওঁৰ শক্তি। মানৱ প্ৰেমেই আছিল তেওঁৰ
স্থিৰ লক্ষ্য।
মানৱাত্মাৰ এই দুৰ্জ্জয় অস্ত্ৰবোৰ প্ৰয়োগ কৰিয়েই তেওঁ
শক্তিশালী বুটিছ-সিংহৰ গ্ৰাসৰ পৰা ভাৰতক উদ্ধাৰ কৰি
“জাতিৰ পিতা” নাম পাইছিল। সেই মহান আত্মাৰ পৰিচয়
দিবলৈ আগবঢ়া দুঃসাহসৰ কাম। কিন্তু ধৰ্ম্ম-বাণীৰ মৰ্ম্ম বোধ
নহলেও ধৰ্ম্ম কথা শুনাত লোকচান নাই। সেই ভাৱেৰে মহাত্মা
গান্ধীৰ জীৱনলৈ ভুমুকি মাৰি চোৱা হল। তেনে ভাৱত মোৰ
ধৃষ্টতা মাৰ্জনীয় হবও পাৰে।
⸺•⸺
২