সমললৈ যাওক

পৃষ্ঠা:শান্তি-দূত.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শান্তি-দূত
মহাত্মা গান্ধী
 


 মন্ত্ৰীসভাৰ নিৰ্দেশ লৈ লৰ্ড আৰ উইনে বিলাতৰ পৰা আহি ১৯২৯ চনৰ ৩১ অক্টোবৰত লৰ্ড আৰউইনৰ ঘোষণা দেৱালীৰ দিনা ঘোষণা কৰে যে,

 “বৃটিছ মন্ত্ৰী সভাই ভাৰতক ঔপনিবেশিক স্বায়ত্ব শাসন দিবলৈ ইচ্ছা কৰিছে। যি সকলে ভাৰতৰ মঙ্গল আকাঙ্ক্ষা কৰে, তেওঁলোকে অতীতৰ সকলো কথা পাহৰি পেলাই ভাৰত আৰু গ্ৰেটবৃটনৰ বন্ধুত্ব সঞ্জীৱিত কৰিবলৈ আগবাঢ়ি আহক। ম‍ই দৃঢ়তাৰে তেওঁলোকক আশ্বাস দি কৈছো যে, মন্ত্ৰী সভাৰ সদিচ্ছা সোনকালে পূৰ্ণ হব।"


 ৰাজ-প্ৰতিনিধিৰ এই ঘোষণাই মৰুভূমিত বৰষুণ পৰাৰ দৰে ভাৰতীয় মানুহৰ

 

দিল্লীত সৰ্ব্বদলীয় সন্মিলনৰ
অধিবেশন

গা কিছুজুৰ পেলালে। এই ঘোষণাৰ পাচতে দিল্লিত এখন সৰ্বদলীয় সন্মিলন বহিল। মহাত্মাই সন্মিলনত তলত দিয়া প্ৰস্তাৱৰ আঁচনি কৰিলে।

 “ৰাজ প্ৰতিনিধিৰ ঘোষণাত বৃটিছ মন্ত্ৰী সভাই ভাৰতীয় জন-মতৰ প্ৰতি শ্ৰদ্ধা দেখুওৱা বুলি জানিবলৈ পাই আজিৰ সন্মিলনে তেওঁলোকৰ সৰলতাৰ শলাগ লয়। কিন্তু ভাৰতবাসীৰ সান্ত্বনাৰ কাৰণে সদিচ্ছাৰ আগ জাননী ৰূপে ভাৰত শাসনত দমন নীতিৰ পৰিবৰ্ত্তে উদাৰ নীতি প্ৰয়োগ কৰা শীঘ্ৰে বাঞ্ছনীয়। ৰাজনৈতিক বন্দীসকলক মুক্তি দিয়ক আৰু মেজ-মেলত ভাৰতৰ ৰাজনৈতিক অনুষ্ঠানবোৰৰ প্ৰতিনিধিৰ এটা নিৰ্দ্ধাৰিত সংখ্যা শীঘ্ৰে প্ৰকাশ কৰক। কংগ্ৰেচ মহাসভা সকলো অনুষ্ঠানতকৈ বৃহৎ; গতিকে কংগ্ৰেচে সৰহ সংখ্যক প্ৰতিনিধি পঠোৱাৰ ক্ষমত। পাব লাগিব।”

৭৩