সমললৈ যাওক

পৃষ্ঠা:শান্তি-দূত.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শান্তি-দূত
মহাত্মা গান্ধী
 

নাছিল। বৰং যলৈকে যায়, তাতেই ধৰ্ম্মঘট, প্ৰতিবাদ সভা আৰু শোভাযাত্ৰা কৰি ক'লা পতাকা দেখুৱাই ধ্বনি কৰিছিল—‘চাইমন! উভতি যোৱা।'

 কংগ্ৰেচৰ মতি দেখি ভাৰত চৰকাৰ কংগ্ৰেচ কৰ্ম্মীসকলৰ ওপৰত খড়গহস্ত হৈছিল।

 লাহোৰলৈ চাইমন কমিচন যোৱাত যি বিৰাট শোভাযাত্ৰা হৈছিল তাৰ নেতা আছিল পঞ্জাৱ কেশৰী লালা লাজপত্, ৰায় : পুলিচে সেই শোভাযাত্ৰা ছত্ৰভঙ্গ কৰিবলৈ গৈ লালাজীৰ মূৰত লাঠিৰে টঙ্গনিয়ায়। তেওঁৰ মূৰ ফালে। সেই আঘাততে ঘটনাৰ কেই সপ্তাহমানৰ পাচতে তেওঁৰ মৃত্যু হয়। সেই সৰ্বজনপ্ৰিয় নেতাৰ মৃত্যুৱে দেশবাসীক আৰু উত্তেজিত কৰি তোলে।

 চাইমন কমিচন যোৱা সময়ত কলিকাতাত বিশেষ হুলস্থূল হোৱা নাছিল। কিন্তু হাওৰা আৰু পাটনাত পুলিচে কিছু অত্যাচাৰ কৰিছিল। মহাত্মাই সেই সময়ত কলিকাতাত বিলাতি কাপোৰৰ মেজি পোৰে। তেতিয়া ১৯২৯ চনৰ মাৰ্চ মাহ। পুলিচে গান্ধীজীক ধৰি নি আদালতত হাজিৰ কৰাইছিল। মহাত্মাই আদালতত বীৰদৰ্পে কৈছিল—

“মই আদালতক দৃঢ়তাৰে সৈতে জনাওঁ যে, পুলিচেহে অত্যাচাৰ কৰি ৰাইজৰ শান্তি ভঙ্গ কৰিছে। গতিকে ম‍ই আচামী নহয়। মই গোচৰীয়া। যদি ন্যায়বিচাৰ কৰিব খোজে, তেন্তে পুলিচক আচামীৰ কাঠ-গড়াললৈ আহিবলৈ হুকুম কৰক।”

৭১