১৯২৮ চনত পণ্ডিত মতিলাল নেহৰুৰ সভাপতিত্ব কলিকাতা কংগ্ৰেচ বহে। তেওঁ কংগ্ৰেচৰ বিভিন্ন মত সৰ্ব্বদলীয় সন্মিলনৰ নিৰ্দেশ মতে ভাৰতৰ স্বায়ত্ব শাসনৰ আঁচনি প্ৰস্তুত কৰি কংগ্ৰেচ মহাসভাত সেই আঁচনি ডাঙি ধৰিছিল; কিন্তু তেওঁৰ পুতেক পণ্ডিত জহৰলালজী, শ্ৰীনিবাস আয়েঙ্গাৰ আৰু সুভাষচন্দ্ৰ বসুৱে মাদ্ৰাজ কংগ্ৰেচত পাচ হোৱা পূৰ্ণ স্বৰাজৰ দাবীৰ প্ৰস্তাৱ পুনৰ পাচ কৰায়। এই দুই প্ৰকাৰ দাবীৰ মহাত্মাই এইদৰে সমিলমিল ঘটাইছিল।
“আমাক পূৰ্ণ স্বৰাজেই লাগে। কিন্তু যদি বৃটিছ চৰকাৰে ১৯২৯ চনৰ ৩১ ডিচেম্বৰৰ আগতে আমাক ঔপনিবেশিক স্বায়ত্ব শাসনৰ মৰ্যদা দিয়ে তেন্তে কংগ্ৰেছে তাক সমৰ্থন কৰিব। কিন্তু যদি এই নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত নিদিয়ে, তেন্তে কংগ্ৰেচে অহিংস উপায়ে অসহযোগ কৰি পূৰ্ণ স্বৰাজ লাভৰ কাৰণে প্ৰাণপণে যুঁজিব।”
ভাৰতৰ ৰাজনৈতিক অশান্তি দেখি বৃটিছ পাৰ্লিয়ামেণ্টক ভাৰতৰ শাসন সংস্কাৰ চাইমন কমিচন সম্পৰ্কে পৰামৰ্শ দিবলৈ ৰক্ষণশীল চৰকাৰে এটা ৰাজকীয় কমিচন ভাৰতলৈ পঠায়। ইংলণ্ডৰ বিচাৰপতি চাৰ জন চাইমন তাৰ সভাপতি আছিল আৰু বাকী সভ্য কেইজনো ইংৰাজ আছিল। ভাৰতীয় লোক এজনো সেই কমিচনৰ সভ্য নাছিল। সেই কমিচনৰ নাম চাইমন কমিচন।
কংগ্ৰেছে এই কমিচনৰ তদন্ত কাৰ্য্যত অলপো সহায় কৰা
৭০