সমললৈ যাওক

পৃষ্ঠা:শান্তি-দূত.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শান্তি-দূত
মহাত্মা গান্ধী
 

 ১৯২৬ চনৰ এপ্ৰিল মাহত লৰ্ড আৰউইনে লৰ্ড ৰিডিঙৰ পৰা ভাৰত শাসনৰ ভাৰ লয়।  লৰ্ড আৰউইনৰ শাসনকালতেতিয়াৰ পৰা চৰকাৰ আৰু প্ৰজাৰ অসদ্ভাব বেগাই বাঢ়ে। পঞ্জাব প্ৰদেশ চৰকাৰৰ বিৰক্তিকৰ কাৰ্য্যৰ কেন্দ্ৰস্থল হৈ উঠে। জেনেৰেল ডায়াৰৰ নিষ্ঠুৰতাৰ প্ৰতিক্ৰিয়া ক্ৰমশঃ অধিক হয়। মহাত্মাই ৰাজনৈতিক তৰ্কবাদক ধৰ্ম্ম আৰু সদাচাৰৰ শুৱনি সাজ পিন্ধাই ৰূপহ কৰি তুলিবলৈ অহোপুৰুষাৰ্থ কৰে। বৃটিছৰ দমন নীতিৰ প্ৰতিৰোধ কৰিবলৈ সত্যাগ্ৰহ, অহিংসা, হৰতাল, অনশন প্ৰধান অস্ত্ৰ বুলি প্ৰতিপন্ন হয়। যোৱা চাৰি বছৰ গান্ধীজীয়ে কোনো বিশেষ ৰাজনৈতিক আক্ৰমণত যোগ নিদি খদ্দৰ, অস্পৃশ্যতা আৰু বিলাতি বৰ্জ্জনতে আবদ্ধ আছিল। আন কি মধ্যপন্থী নেতা তেজ বাহাদুৰ চাপ্ৰু প্ৰভৃতিৰ লগলাগি এখন সৰ্বদলীয় সম্মিলন পাতি বৃটিছ চৰকাৰৰ ওচৰত শাসন কৰ্ত্তৃত্বৰ এটা সৰ্বনিম্ন দাবী জনাম বুলিহে ভাবিছিল। এনেতে ১৯২৭ চনৰ মাদ্ৰাজ কংগ্ৰেচত শ্ৰীনিবাস আয়েঙ্গাৰ আৰু পণ্ডিত জহৰলালে পূৰ্ণ স্বৰাজৰ দাবী জনাই প্ৰস্তাৱ পাচ কৰায়।

 মহাত্মাজী এই প্ৰস্তাৱৰ সপক্ষে নাছিল। কিয়নো যি প্ৰস্তাৱ কাৰ্য্যত পৰিণত কৰিবলৈ জনসাধাৰণৰ ত্যাগ, আগ্ৰহ আৰু আন্তৰিকতা নাই, তেনে প্ৰস্তাৰ পাচ কৰি কংগ্ৰেচক জগতৰ হাঁহিয়াতৰ কৰাৰ মহাত্মাৰ মুঠেও ইচ্ছা নাছিল।

৬৯