তৃতীয় পৰ্ব্ব।
মহাত্মা গান্ধীয়ে দক্ষিণ আফ্রিকা এৰি আহিলেও তাৰ ৰাজনীতিৰ লগত সম্পর্ক এৰা
দক্ষিণ আফ্ৰিকাত শাস্ত্ৰীৰ
দৈত্য
নাছিল। তেওঁ তাৰ ভাৰতীয় লোকসকলৰ প্ৰধান উপদেষ্টা আছিল। তেওঁ দেখুওৱা বাটেৰে চেষ্টা কৰি থকাৰ ফলতে ভাৰত চৰকাৰে তাৰ ভাৰতীয়লোক সকলৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে ভাৰতৰ প্ৰধান ৰাজনীতিবিদ মাননীয় শ্রীনিবাস শাস্ত্রী মহাশয়ক দক্ষিণ আফ্ৰিকাত সাম্রাজ্য-দূত পাতে। শাস্ত্রী মহাশয় তালৈ যাবলৈ মন কৰা নাছিল। মহাত্মা গান্ধীয়ে কৈ-মিলি তেওঁক সেই পদ লবলৈ সন্মত কৰায়। শাস্ত্ৰীয়ে তালৈ গৈ তাৰ ভাৰতীয় লোকসকলৰ ভালৰ কাৰণে কি কি কাম কৰিলে তাৰ বিবৰণ এখন বেলেগ বুৰঞ্জীৰ সমল । ইয়াত ইমানকে কলে যথেষ্ট হব যে, তেওঁ তাত ভাৰতীয় ভাইসকলৰ কাৰণে অনেক ভাল কাম কৰি সুক্ষা ৰাজনীতি-জ্ঞানৰ সুখ্যাতি অর্জ্জন কৰি আহিছে। মহাত্মাৰ অভিজ্ঞতা আৰু সদুপদেশে তেওঁক তাৰ পমুৱা ভাইসকলৰ কাৰণে কাম কৰাত যথেষ্ট সহায় কৰিছিল।
৬৮