সমললৈ যাওক

পৃষ্ঠা:শান্তি-দূত.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শান্তি-দূত
মহাত্মা গান্ধী
 

কৰি দুয়ো জাতিৰে প্ৰায় তিনি শ জন নেতাৰ দিল্লীত এখন সভা বহে। তাত দুয়ো জাতিৰ সম্ভাৱ স্থাপনৰ কাৰণে অনেক প্ৰস্তাৱ পাচ হয় আৰু ৰাইজক তেওঁলোকৰ লগত সহযোগ কৰিবলৈ গোহাৰি জনায়। তেওঁলোকৰ অনুৰোধে কিছুদিনলৈ মৰামৰি-কটাকটি বন্ধ কৰিলে যদিও সমাজৰ শান্তি ফিৰাই আনিব নোৱাৰিলে।

 এই সন্মিলনতে এখন সৰ্বদলীয় সন্মিলন পতাৰ কথা উঠে। সেইমতে নবেম্বৰ মাহত বোম্বাইত এখন সৰ্বদলীয় সম্মিলন বহে। মহাত্মাই আটাইবোৰ ৰাজনৈতিক দলকেই কংগ্ৰেচৰ অন্তৰ্ভুক্ত কৰিবলৈ উপায় চিন্তা কৰে।

 মহাত্মাই কংগ্ৰেচৰ গুৰি ধৰিছিল যদিও ইমান দিনলৈকে কংগ্ৰেচৰ সভাপতি হোৱা  বেলগাওঁ কংগ্ৰেছৰ সভাপতিনাছিল। তেওঁ আঁৰত থাকি নীৰৱে কাম কৰিবলৈহে ভাল পাইছিল; ফোঁট পিন্ধি মহন্ত বোলাবৰ ইচ্ছা নকৰিছিল। নহলে এই সন্মান তেওঁৰ বহুদিনৰ আগতে প্ৰাপ্য আছিল। তেওঁৰ একান্ত অনিচ্ছাতহে তেওঁক এই পদ যচা নাছিল। কিন্তু কংগ্ৰেছৰ সভাপতি যেয়েই হওক লাগিলে, মহাত্মাহে তাৰ প্ৰধান পৰিচালক আৰু উপদেষ্টা আছিল। ১৯২৪ চনৰ ডিচেম্বৰ মাহত বেলগাওঁত কংগ্ৰেছৰ বছৰেকীয়া অধিবেশন বহে। মহাত্মা সেই অধিবেশনৰ সভাপতি নিৰ্বাচিত হয়। হিন্দু-মছলমানৰ মিলন, গান্ধী-দাস পেক্টৰ সমৰ্থন আৰু

৬৬