এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শান্তি-দূত
যুগাৱতাৰ মহাত্মা গান্ধী।
প্ৰথম পৰ্ব্ব।
ভাৰতবৰ্ষ অন্তদৃষ্টিৰ দেশ। মানবাত্মাৰ শক্তি বিকাশেই ইয়াৰ ধৰ্ম্ম। যুগে যুগে মহাপুৰুষ আগকথা সকল আবিৰ্ভাৱ হৈ ভাৰতবাসীক আত্ম-বিকাশৰ পথহে দেখুৱাইছে।
প্ৰায় চাৰে তিনি হাজাৰ বছৰৰ আগেয়ে ভগবান শ্ৰীকৃষ্ণই ইয়াত ধৰ্ম্ম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। কালক্ৰমত সেই ধৰ্ম্মভাৱ জড়তা প্ৰাপ্ত হয়। যাগ-যজ্ঞৰ বাহ্যিক আড়ম্বৰ বাঢ়ে।
তেতিয়া (শ্ৰীকৃষ্ণৰ প্ৰায় এহেজাৰ বছৰৰ পাচত) কপিলাবাস্তুৰ লুম্বিনী উদ্যান পোহৰ কৰি ভগবান বুদ্ধদেৱৰ আৱিৰ্ভাৱ হয়। বুদ্ধদেৱৰ ত্ৰিশৰণ পতাকা লৈ ভাৰতে পুনৰ নতুন জীৱন লাভ কৰে।
কালক্ৰমত সংঘবোৰত ভেদ ভাৱ সোমায়। ধৰ্ম্মাচৰণত যথেচ্ছাচাৰ হয়। তেতিয়া ভগবান শ্ৰীশঙ্কৰাচাৰ্য্যক কেন্দ্ৰ কৰি ভাৰতৰ আত্মা পুনৰ জাগ্ৰত হৈ উঠে।