সমললৈ যাওক

পৃষ্ঠা:শান্তি-দূত.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শান্তি-দূত
মহাত্মা গান্ধী
 

লাখ মানুহে আপোনাক মানি চলে। আপোনাৰ লগত যি সকল লোকৰ ৰাজনৈতিক মতৰ মিল নাই, সেই সকলেও আপোনাৰ উচ্চ আদৰ্শ, ঋষি-তুল্য ত্যাগ আৰু গভীৰ পাণ্ডিত্যৰ প্ৰশংসা কৰে। এই আটাইবোৰ কথাই সঁচা বুলি মই জানো। কিন্তু ম‍ই এজন বিচাৰক; আইনৰ অধীন আইনৰ দৃষ্টিত আপুনি এজন ৰাজদ্ৰোহী। গতিকে বিচাৰক হিচাবে মই আপোনাক সেই দৃষ্টিৰে চাবলৈ বাধ্য। মই আপোনাক ৰাজদ্ৰোহৰ অপৰাধত ছ বছৰলৈ বিনাশ্ৰমে ফাটকৰ হুকুম নিলো।”  ৰায় পাঠ শেষ কৰি বিচাৰকে পুনৰ কয়—

 “যদি দেশৰ অৱস্থাই চৰকাৰক আপোনাৰ শাস্তি কমাব বা মুক্তি দিব পৰা কৰে, তেন্তে বোধ হয়, মোতকৈ কোনোৱে অধিক আনন্দ উপভোগ কৰিব নোৱাৰিব।”

 সেই সময়ত জনাকীৰ্ণ আদালত একেবাৰে নীৰৱ আৰু কৰুণ ৰূপ ধৰি উঠিছিল। মহাত্মাই সেই নীৰৱতা ভঙ্গ কৰি স্বাভাৱিক সৰলতাৰে এডভোকেট জেনেৰেলক কয় –

 “আপুনি মোৰ ওপৰত যিবোৰ দোষাৰোপ কৰিছে, ম‍ই তাক মানি লৈছোঁ। কিয়নো চৌৰিচৌৰাৰ আসুৰিক কাৰ্য্য আৰু বোম্বাইৰ পাগলামিৰ পৰা মই নিজক আঁতৰাই ৰাখিব নোৱাৰো।”

 মহাত্মাৰ শুনিপুণ প্ৰকাশ ভঙ্গী, উন্নত মনোভাব, অকপট স্বীকাৰোক্তি, অকাট্য যুক্তি আৰু হিয়া ভেদি সৰকি যোৱা দৃষ্টি দেখি দৰ্শক, বিচাৰক, গুচৰীয়া সকলোৰে চকু থিৰ হয়। সকলোৱে সেই সময়ত ভাবিছিল যে, ই ইংৰাজ আদালতত গান্ধীজীৰ বিচাৰ নে ভগবানৰ আদালতত বৃটিছ চৰকাৰৰ বিচাৰ?

৬২