নাই। কবলগীয়া কথাখিনি এনে সুন্দৰকৈ সজাই অলপ কথাতে স্পষ্ট ভাষাৰে নিৰ্ভয়ে যিদৰে প্ৰকাশ কৰিছিল, সি পৃথিবীৰ বুৰঞ্জীত চিৰকাললৈকে সাহসিক উক্তি ৰূপে জিলিকি থাকিব। তাৰ প্ৰত্যেকটো বাক্যই অগ্নি-গৰ্ভ আছিল। ইয়াৰ আগেয়ে ইংৰাজৰ আদালতত এনে কোনো বীৰ আচামী উপস্থিত হোৱা নাছিল। ক্ষমতাশালী ইংৰাজ চৰকাৰৰ কঠোৰ আইন বিনীত ভাৱে উলঙ্ঘা কৰি ইয়াৰ আগেয়ে কোনেও কেতিয়াও মহাত্মাৰ দৰে ন্যায়বিচাৰৰ আহ্বান কৰা নাছিল। মহাত্মাজীৰ উক্তিয়ে বিভিন্ন ৰাজনৈতিক মতৰ লোকৰো বৃটিছ চৰকাৰৰ পৈশাচিক নীতিৰ প্ৰতি ঘৃণা ওপজাইছিল। আন কি বিচাৰকাৰে৷ অন্তৰ কোমলাইছিল। উদাৰ মনৰ ইংৰাজ পুৰুষ সকলেও এই অকণমানি মানুহজনৰ বীৰত্ব আৰু ৰাজনৈতিক প্ৰতিভা দেখি বিস্ময় মানিছিল আৰু মহাত্মাৰ প্ৰতি সহানুভূতি ওপজাইছিল।
বিচাৰক ব্ৰুমফিল্ড চাহাবে তেওঁৰ কৰ্ত্তব্যৰ গুৰুত্ব ভালকৈয়ে অনুভৱ কৰিছিল। মহাত্মাৰ উক্তিয়ে তেওঁৰ অন্তৰত আন্দোলন তুলিছিল। সকলো কথা শুনাৰ পাচত তেওঁ সেই গাম্ভীৰ্য্য পূৰ্ণ আদালতত মহাত্মাক অকপটে সন্মান আৰু সৌজন্য দেখুৱাই ক্ষীণ মাতেৰে ১৮ মাৰ্চত বিচাৰৰ ৰায় পঢ়িছিল—
ৰায়ৰ সাৰাংশ এই :—
“গান্ধীজী! আজিলৈকে মোৰ আদালতত যিমান মানুহ উপস্থিত হৈছে, সেই সকলৰ ভিতৰত আপুনি নিশ্চয় অসাধাৰণ পুৰুষ। আপুনি এজনা নিভাঁজ দেশ-সেৱক আৰু ভাৰতৰ সৰ্ব্ব প্ৰধান নেতা। দেশৰ লাখ