পুলিচে ধৰি নি আদালতত হাজিৰ কৰালে। পুলিচে মহাত্মাজীক ভাৰতীয় দণ্ড বিধি আইনৰ কেবাটাও ধাৰাত অভিযুক্ত কৰিলে। তাৰ প্ৰমাণ স্বৰূপে ইয়ং ইণ্ডিয়াত মহাত্মাই লিখা চাৰিটা প্ৰবন্ধ আদালতত দাখিল কৰিলে। মহাত্মাই আদালতত অভিযোগ সম্পৰ্কে জেৰা কৰিবলৈ অমান্তি হল। তেওঁ মাত্ৰ ইয়াকে কৈছিল যে.
“মই সবৰমতী আশ্ৰমৰ এজন সাধাৰণ খেতিয়ক আৰু কাপোৰ বই জীবিকা চলোৱা এজন দৰিদ্ৰ মানুহ। চৰকাৰক অশ্ৰদ্ধা জনোৱাত মই নিৰ্দোষী বুলি কবৰ সময় এতিয়াও অহা নাই।”
হাকিমে মোকৰ্দ্দমা চেচন আদালতলৈ পঠিয়াই মহাত্মাক জেলত বন্দী কৰি ৰাখিবলৈ মহাত্মাৰ বিচাৰআদেশ দিলে। দিনদিয়েকৰ পিচতে মহাত্মাৰ মোকৰ্দ্দমা চেচন আদলতত বিচাৰ হল। চি, এন, ব্ৰুমফিল্ড নামে এজন আই, চি, এচ জজে আহম্মদাবাদ চেচন আদালতত মহাত্মাৰ মোকৰ্দ্দমাৰ বিচাৰ কৰিছিল।
এই বুৰঞ্জী প্ৰসিদ্ধ বিচাৰক উনৈশ শ বছৰৰ আগতে হোৱা যীশুখৃষ্টৰ বিচাৰৰ লগত তুলনা কৰিব পাৰি। আধুনিক যুগৰ সি এটা অনুপম ঘটনা। তেনে গাম্ভীৰ্য্য পূৰ্ণ বিচাৰ পৃথিবীত হোৱা নাই। গান্ধীজীয়ে অঠুমূৰীয়া চুৰিয়া পিন্ধি মধুৰ হাঁহিৰে মানুহে ঠাই খোৱা আদালতত ইংৰাজ বিচাৰকৰ আগত যি তেজী মৌখিক আৰু লিখিত বিবৰণ পাঠ কৰিছিল, জগতত তাৰ তুলনা
৬০